পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
জনকাব্য

ছাহাবৰ বঙলা   দেখিবলৈ সুৱলা,
 দুৱাৰত ইংৰাজী লিখা।
মনৰ বাঞ্ছিতকে  পূৰাব নোৱাৰোঁ,
 থাকি গল তোমালৈ আশা॥ ২২৬।

স্কুল পঢ়িবলৈ  এৰিলোঁ, লাহৰী,
 ললোঁ ৰখিবলৈ গৰু।
আগেয়ে, মইনা,  পিৰিতি কৰিলোঁ,
 এতিয়া কেনেকৈ এৰোঁ॥ ২২৭।

কিনো ক’ম কম, লাহৰী,  দুখৰে বাতৰি,
 ক’লে চকু-পানী সৰে।
কৈনো কৈ থাকিলে  ওৰকে নপৰে,
 শোকে খুন্দামাৰি ধৰে॥ ২২৮।

যাওঁ বেগ ধৰি  ভৰি যায় পিচলি,
 বদতি মুখৰে আলি।
কিনো নিদাৰুণী  হলি তই, আইজনী,
 তামোল কাটি অকলে খালি॥২২৯।

পথাৰৰ মাজৰে  এজাৰ, ঐ লাহৰী,
 পথাৰৰ মাজৰে এজাৰ।
চেঙেলীয়া কালতে  পিৰিতি এৰিলা,
 মনত দিয়ে গলা বেজাৰ॥ ২৩০।