পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৯
ৰহৰহী

যাক সেৱা কৰা, তাক নবুলিবা গোধা।
যাৰ লোণ খোৱা, তাক নুবুলিবা শুদা॥
যিমান গুড়, সিমান মিঠা॥ যি থাকিব ধৈৰ্য্যক ধৰি।
পিছলালে তাৰ নিপিছলে ভৰি॥
যিমান ধুনীয়া। সিমান ঘুনীয়া॥
যি কৰে মোত আশ। তাক কৰো সৰ্ব্বনাশ॥
তেও নেৰে মোত আশ। মই তাৰ দাসৰো দাস॥
যাৰ সখা বৃহন্নলা। তাৰ কি ভয়ৰ কথা॥
যেতেকে কাট্‌ তই। উলটি নাচিম মই॥
যাৰ নোৱাৰে নাম শুনিব। তাক দিছে ধান কিনিব॥
যখ ইচ্ছাই যখিনী। কৃষ্ণৰ ইচ্ছাই ৰুক্মিণী॥
যি নাজানে পচলাখাৰৰ জুতি।
তাক পাতে ভোজ-ৰান্ধনি॥
যি যিমান নামে, সি সিমান তিতে॥
যুজৰ কুকুৰা যুজত মৰে॥
যি কৰে পাপ। সি পাঁচ বেটাৰ বাপ॥
যি কৰে পুইণ। তাৰ ঘৰত শূইন॥
যাৰ কিলাওঁতা নাই। ঔৰ তলত গৈ একিল খায়॥
যাৰ ঘৰত মটামুৱা তিৰি॥ তাৰ ঘৰত নাই চিৰি॥
যক বেলা, হক ভাত। দুয়ো বেলাৰ একে পাত॥
যাচিলেও নলৱ চাকলি। খুজিলেও নাপাৱ বাকলি॥


ৰজাৰ কোঁৱৰো কোঁৱৰ, বাঁৰীৰ কোঁৱৰো কোঁৱৰ।
ৰাম ভাল, ৰাম ভাল। ৰাম নহয় যমকাল॥
ৰহাৰ ৰহদৈ, টিপামৰ ভাদৈ, শলগুৰিৰ আঘনী বাই।
তিনিওৰ ডিঙিত ধৰি তিনিয়ে কান্দিছে,
সমধৰ কূটাগছ নাই॥ ৰাজহুৱা শৱ বাহী শৱ॥
ৰাইজেই ৰজা। জ্ঞাতিয়েই গঙ্গা॥ ৰূক্ষক নে ভক্ষক॥
ৰেচত লাগিল পেঁচ। ধান পুৰা দি ককালটো হেঁচ॥
ৰৌটোকে ঢৌটো। ফটা মেখেলাকে টৌটো॥