পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৮
জনকাব্য

যি পুখুৰীৰ পানী নাখাওঁ। তাৰ পাৰতো ভৰি নিদিওঁ॥
যেনে হক মুনিজন। তেও সোধে তিনিজন॥
যমপুৰী নিদান ঠাই। এখেত দিলে ত’ত পায়॥
যাৰ পিনে বৃহস্পতি পোন। তাৰ পথাৰত নবয় কোন॥
যাৰ নাই গৰু, বৃন্দাবত চাৰে।
যাৰ নাই তিনি, একে কিলে মাৰে॥
যেনে দেৱ, তেনে সেৱ॥ যেন কুকুৰ তেন টাঙোন॥
যি পহু মাৰিবা বনত। সি কথা ৰাখিবা মনত॥
যেতিয়া আহিব ভাতাৰ ঢৌ।
তেতিয়াহে লব যতৰ ঢৌ॥
য’তে বাঘৰ ভয়। ত'তে ৰাতি হয়॥
যাৰ লাঠি, তাৰ মাটি॥ যাৰে বল, তাৰে থল॥
যাক নোৱাৰিলে পখৰা শিলে।
তাক কৰিব কি ধদুৱাৰ কিলে॥
যি মূলা বাঢ়িব, দুপাততে চিন॥
যেতিয়াহে পাব কালে। কি কৰিব বেজৰ মেলে॥
যি নাৰী নুবুজে ন্যায়। স্বামীৰ নাজানে অভিপ্ৰায়॥
ভাল বুলিলে কৰে খঙ। তাইৰ লগত নিমিলে ৰঙ্‌॥
যাক বোলে আপোন। সিয়ে ভৰায় ছপোন॥
যাৰ ঘৰত পৰিম। তুলি-কাচি ধৰিম॥
য’তে যায় যোগী। ত’তে কোবাকুবি॥
যি পাতত খায়। সেই পাতকে ঘিণায়॥
যাৰ গৰু মৰে। সিহে নেজত ধৰে॥
যি বোৱাৰীৰ বাহিবৰ মন। সাৰোতে আজোৰে বন॥
যি নাছিল মোচত। সি ওলাল চিপৰাঙৰ খোচত॥
যাব নালাগে ৰহক্‌। পিৰা পাৰি দিয়া বহক॥
যাৰ বাপ মেলত নাই, তাৰ পো গোধীয়া॥
যাৰ নাকটো আধৰুৱা পাঁজি।
সি দিব খোজে বঙলাত আজি॥
যেতিয়া চোৰে চুৰ কৰিব, গিৰিহঁতে সাৰকে নাপাব।
যত কৰক ঘতৰমতৰ। তেল নিদিলে নুঘূৰে যঁতৰ॥