পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১১
ৰহৰহী

ধনাই, কেলেহুৱা, মনাই কেলেহুৱা, মাদুৰী বনৰে
কঠ। নোম টেঙৰৰ সঁচ॥
তিনি কেলেহুৱা গোটখাই মোৰ ঘৰখন কৰিলে নঠ॥
ধুমুৰদুমুৰ কাটতী, ভাইৰ বিয়াত নাচতী।
লিহিপিহি কটতী, বেৰ জুমি চাৱতী।
ধাই-ধুই ধপাত। বুঢ়ী লাগিল চেপাত॥

নাইহে নখাওঁ। লঘোণেও নাযাওঁ॥
নেজ-গুবৰীয়া গো। সেঙেনু-নকা পো॥
নোম-নেগুৰ বৰ্জিত। কুকুৰে গায় বৰগীত॥
নিজ বুদ্ধি, সৰ্বসিদ্ধি। লোকৰ বুদ্ধি, পেট উদি।
নাহাঁহিবি মোক। খুচৰিব তোক॥
নাম লৈছে ভোগাই। পানী কাঁহুদীৰে খায়॥
নকটা খেৰৰ ন শ গোটোৱা আঁটি।
নল বগৰি তল ঢাকি সৰিল।
নোখোজা ছোৱালী ন জনী মৰিল॥
নমো নমো পাৰিজাত। কুকুৰে ছুলে বাহী গাত॥
নামতি জিকে, নোচোবাই গিলে॥
নাকটি কাটিলে আহিব আলে-জালে।
চুলিটাৰ কাটিলে আহিব কোন কালে।
নাই বুলিলে সাপতো বিষ নাই।
নাই খুলিলে নেৰে। কুঁহিয়াৰ পেৰাদি পেৰে॥
নীচ লোকে উচ্চ পদ পায়॥
টেৰীয়াকৈ পাগ মাৰি ঘূৰি ঘূৰি চায়॥
নমৰে মানে চাবা, নুবুৰে মানে বাবা॥
নগৰত জগৰ লাগিল। নিলগতে চেই চেই।
নাই পো গোফাল, নাই পো মুখাল।
নাই পো লনী। তাই পো ধনী॥
নোধোওঁ গা ধুৱালি, নাখাওঁ ভাত খুৱালি,
নিগিলো কি কৰ কৰ॥ নাওবৈচাৰ পোৱলি হ'লে,