পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৮
জনকাব্য

টোপনি, টোপনি,  অ’ আই টোপনি,
 তোৰ ক’লে তলত ঘৰ।
সকলো ৰাজৰে  টোপনি আহিছে,
 আমাৰে চকুতে ধৰ॥


  কপৌটি এ’ মোৰ তালৈ যাবি?
 লোণে-মাছে ভাত দিম, ডালত পৰি খাবি।
 ডাল-ডুল ভাঙি পাছে তেলীয়াৰ তালৈ যাবি॥
 তেলীয়াই দিব তেল-তুল মালিনীয়ে দিব ফুল।
 অ’ মালিনী, অ’ মালিনী, সোণাই ক’লৈ গ’ল?
 জোনবায়ে মাতি নিছে, বীণ বজাই গ’ল॥
 জোনৰ বৰণ, সোণাই চিকণ, গধূলিৰ তৰা।
 চকু টিপিয়াই মাতে জোনে আকাশৰপৰা॥
 দেহি ঐ! সোণাইকণ গ’ল কেনেকৈ?
 বাদুলিৰ বোকোচাত উঠি উৰি গলগই॥
 কিবা খায়, কিবা লয় থাকে কেনেকই?
 ফুলৰ মৌ নিয়ৰৰ পানী পায় খাবলৈ॥
 জোনবায়ে কোলাত লৈ সোণক নিচুকাব।
 তৰাবোৰে বেৰি-কুৰি নাম-গুণ গাব॥
অকণি হাতেদি ধৰিব সোণায়ে চাপৰি তেথেই-থেই।
তাক্-ধিন্-ধিন্ তাক্ ধিন্-ধিন্‌, ধেই-ধেই-ধেই॥