পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৭
পুতলি

বৰবৌ, সৰুবৌ, ধুন্দুলি পাৰি দিয়া খাওঁ।
ধুন্দুলি পাৰোঁতে, কঁকালটো ভাগিলে,
 তাকে জোৰাবলৈ যাওঁ॥

লিকিলিকি ডিমৰুৰ চিকিচিকি পাত।
 ডিমৰুৰ ওখ গছ, ডেৰশ হাত॥

একৈ দুকৈ লৰা ধৰা। বেত বাঁহৰ যতৰ-শলা॥
শ্যাম চুম, চৰাই দিম। কাঠৰ নাঙল, মহৰ শিং॥
 খাপি থুৰি। ঊনৈশ কুৰি॥

 সবাও, সবাও! চুণ-পাণ লগাওঁ।
একে মুঠি আৰৈ চাউল, ভকত জনাওঁ॥
এই তিনটি আৰৈ চাউল, এইতিনটি কল।
তালৈকে হালিজালি চাপৰিখন ধৰ॥

খৰি খৰি খৰি।  বজ্ৰৰ খৰি।
 খৰিয়ে মেলিলে পাত।
 আই সৰস্বতী কণ্ঠত থাক॥

সৰস্বতী, সৰস্বতী, কণ্ঠৰ গোলাপী, ভোগে বিলাসী।
 লোকে বোলে সৰস্বতী, আমি বোলোঁ আই।
  যিখিনি পাহৰোঁ দিবা সোঁৱৰাই।

কলে মেলিলে ঠোৰ। কথাৰ পৰিল ওৰ॥
কঠালে মেলিলে মুচি। যাওঁ ঘৰাঘৰি গুচি॥
তামোলে পেলালে ডাবি। কোন কলৈ যাবি॥

কাউৰী গ’ল, গধূলি হ’ল।
 আমাৰ চাউলকঠি মুকলি হ’ল॥