পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
জনকাব্য


 আবেলিৰ বেলি
আবেলিৰ মাকে সূতা! কাটে ৰঙা চুলি মেলি॥

বা-বৈচ্! বা-বৈচ্! বা-বৈচ্ মাকৰ দুখন কাণ
 হুৰ্ হুৰ্ কৰে বতাহ আন॥
হাতী কাণ, মাটি কাণ।
 হুৰ্ হুৰ্ কৰে বৰষুণ আন॥

বৰষুণ দে, বৰষুণ দে, ভজা চাউল খাওঁ।
বাঁহৰ আগে পানী যক, চৰাইৰ ৰং চাওঁ॥
 চৰাই-চিৰ্কতি পশু-পতঙ্।
 নগাই ধান বানে ঘটং ঘটং॥

ধিন্ঢৌ মালী, বান্দৰ পোৱালী।
বাঢ়ৈটোকাই লৈ যায় টিকা জোকাৰি॥

ধিন্ঢৌ তৰা  তাধিন্ঢৌ তৰা।
খাৰী নাকী ছোৱালী, পেটুৱা দৰা॥

যোৰৰো যোৰ, বিপৰীত যোৰ৷
এটি কাণকটা,  এটি চোৰ॥

বাঁহৰ আগত  বগলী নাচে।
আইদেউৰ বিয়ালৈ তিন দিন আছে॥

জোনবাইৰ আগৰে একেটি তৰা॥
 আয়ে বিয়া দিলে গঁঠীয়া দৰা।
 হেৰ তই গঁঠীয়া নাপাৰ গালি।
আইৰ ঘৰলৈ যামগৈ ভৰি পখালি॥
আয়ে বুলিব⸺ মোৰ জী আহিছে,
 ভাল ভাত এগালি ৰান্ধো।