পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৭
পুতলি

 ‘ৰজাৰ জী মাদৈ শুভাইলৈ লাগে॥’
 সাগৰৰ মাজতে শুভাই থাকে।
 কটীয়া শিঙৰাই গুৱা-পাণ কাটে॥
 তিনটি কাঁকলাই বেই-ঘৰ সাজে।
ভেচেলী খলিহাৰ নাকত ধৰে লাজে
তিনটি ককিলাই বেই-ঘৰ সাজে॥
 মাগুৰৰ হাততে ফুলাম কটাৰী॥
 পুঠী মাছ আহিছে গুণা জোকাৰি॥

হায় ঔ! হায় ঔ! মালী বাই ঔ!
মালী বাইতকৈ চিকুণ নাই ঔ!!
 বজাৰৰে সেন্দুৰ গুড়া।
মালী বাইৰে কপাল ফুলা॥
 পৰ্বতৰে কেচা খৰি৷
ভাত ৰান্ধো কেনে কৰি॥
 ভাত ৰান্ধি কৰোঁ চেঁচা।
সূতা কাটো তিনি নেচা॥
সূতা কাটি বলোঁ কাপোৰ।
তাকে নিলে গোবিন্দ ঠাকুৰ॥

শিয়ালি ঐ! নাহিবি ৰাতি।
তোৰে কাণে কাটি লগাম বাতি॥
 শিয়ালিৰ মূৰৰে মৰুৱা ফুল।
 শিয়ালি পালেগৈ ৰতনপুৰ॥

ৰদালি এ'! ৰ’দ দে।
আলি কাটি জালি দিম,
চামৰ পীৰা পাৰি দিম,
তাতে বহি বহি ৰ’দ দে॥
ৰ’দালি মাকৰ কূট্কুৰা চুলি।
কাহানিকৈ পামগৈ বিৰিণাৰ গুৰি॥