পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪
জনকাব্য

আলি ঢাকি পৰিলে  কাণকুৰিকা চৰাইটি,
 পথাৰ ঢাকি পৰিলে কাম।
আমাৰে গীতৰে  অধ্যায় পৰিলে,
 ডাকি বোলা কৃষ্ণ ৰাম॥ ৬৬০।

বিহুতলীৰ নাম

চতুত্ৰিংশ অধ্যায়

বিহুলৈ কেই দিন  আছে, লগৰীয়া,
 বিহুলৈ কেই দিন আছে।
উজনি-নামনি  মাৰোঁ কেইওখনি,
 বিহুলৈ বাৰ দিন আছে॥ ৬৬১৷

ইয়ো বোলে উৰুকা,  সিয়ে বোলে ভুৰুকা,
 নাহৰ ফুল ফুলিবৰ বতৰ।
শিৱসাগৰ জিলাতে  ঢোলৰ মাত শুনিলে,
 ঠেকেচি ভাঙি যাওঁ যঁতৰ॥ ৬৬২।

আজি বিহু বিহু,  কালি বিহু বিহু,
 কেতিয়া ফুলিলে নাহৰ।
কেতেকী চৰায়ে  কাটে সৰু সূতা,
 মৰুৱা কাঠৰে যঁতৰ॥ ৬৩৩।

বিহুৰে ভমকে  ৰমকে-জমকে,
 নাহৰ ফুল ফুলিবৰ বতৰ।
নাহৰ ফুলৰ গোন্ধ পাই  লাহৰীৰ তৎ নাই,
 গচকি ভাঙি যায় যঁতৰ॥ ৬৬৪।