পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
বিহুৱতী

কাহানিকৈ আহিব  বহাগৰ বিহুটি,
 কাহানিকৈ কান্দিব কুলি।
কাহানিকৈ ধৰিবা  হাতত মুঠি মাৰি,
 মোকে প্ৰাণেশ্বৰী বুলি॥ ৬৬৫।

ন পানী বঢ়া নাই,  নাহৰ ফুল ফুলা নাই,
 বিহু বিহু লগা নাই গাত।
গাঁৱৰ ডেকা লৰা  জুমেৰে ফুৰা নাই,
 গোন্ধ তেলৰ লোৱা নাই ছাট্॥ ৬৬৬।

এই বেলি বিহুটি  চেৰেঙে-বেৰেঙে,
 চ’ত বিহুত যুজাবৰ কণি।
গোন্ধ তেল এবটল  আনি দিবা, সাদৰী,
 দিবা মহৰ শিঙৰ ফণি॥ ৬৬৭।

বাঢ়ি গল, বাঢ়ি গল  ভলুকাৰ গাজটি,
 কাউৰী পৰিয়ে ভাগে৷
সৰুটি পিলিঙা,  টকা সাজি দিবা,
 বিহু মাৰিবলৈ লাগে॥ ৬৬৮।

ইফালে টকাৰ মাত,  সিফালে টকাৰ মাত,
 মাজত শোলেঙগুৰি সুতি৷
টকাৰ মাত শুনি বাঢ়িল চতিয়না,
 পুলিয়ে ধৰিলে গুটি॥ ৬৬৯।