পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
বিহুৱতী


এচাৰিয়ে বোলে মই সবাতকৈ সৰু।
মই যে নহলে নচলে গৰু॥ ৫৬৯।

যোত জৰী’ বোলে আমি দীঘলকৈ ফয়।
আমি যে নহলে গৰু নৰয়॥ ৫৭০৷

মৈয়ে বোলে মই সবাতকৈ বলী।
মই যে নহলে নাভাগে দলি॥ ৫৭১।

মৈ-টকাই বোলে মোৰ আঙুলি বেকা।
মই যে নহলে নহয় বোকা॥ ৫৭২।

ন ঘৰ ঐ, পুৰণি কামি।
হুচৰি গাবলৈ আহিছোঁ আমি॥ ৫৭৩।

হুচৰি ঐ, ঠৰুৱা লাই।
চাউল চালিবলৈ চালনি নাই॥ ৫৭৪।

ৰংপুৰ ঐ, ৰঙাপুৰ ঐ।
গড়গাঁও ঐ, কিমান দূৰ ঐ॥ ৫৭৫।

গিৰিপ্ গিৰিপ্ ঔ, কাঠৰ শৰাই।
কি ফুল ফুলিছে লতা বগাই॥ ৫৭৬।

কেৰেলা ঐ, বেঙেনা ঐ।
তোৰ বহ-বতৰ যায় না ঐ॥ ৫৭৭।

নিলাজী চ’ত, আছিলি ক’ত।
বহাগী ৰাম, নাথাকোঁ যাম॥ ৫৭৮।

হুৰাই ল, কলীয়া চোলা।
দেউতাৰ শুৱনী কেঁকোৰা দোলা॥ ৫৭৯।