পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
জনকাব্য

 হুচৰি এ দুবৈ।
আঁহ যাওঁ, আহ যাওঁ, ওমলোঁগৈ॥ ৫৬০।

উনত্ৰিংশ অধ্যায়

হাবিত আছিল কেঁকোৰা কাঠ।
বাঢ়ৈয়ে পাই তাত লগালে চাঁচ॥ ৫৬১।

নাঙলে বোলে মোৰ পিঠিতে কুজ।
পুৱা হলে ধৰি যাওঁ পৃথিবীৰে যুজ॥ ৫৬২।

ফালে বোলে মই হওঁ বাঁহৰ চেঁচু।
পুৱা হলে উলিয়াওঁ বৰ বৰ কেচু॥ ৫৬৩।

ডিলা মাৰি’ বোলে মই সবাতকৈ পোন।
মোৰ’ মান বয় কোন, হবও বা কোন॥ ৫৬৪।

বেঙাই বুলিলে মই বাঁহৰহে আখী।
মইহে ডিলা-নাঙলক ধৰি আছোঁ ৰাখি॥ ৫৬৫।

স’ল মাৰি বোলে আমি চাৰি ভাই-ককাই।
আমি যে ৰৈ থাকোঁ সৰগ ধিয়াই॥ ৫৬৬।

আঁত জৰীয়ে বুলিলে মই তৰাৰ ফিটা।
মই নহলে যুৱলী-ডিলা নহয় জোঁটা॥ ৫৬৭৷

গৰুৱে বোলে আমি দীঘল নেজা।
আমাৰ ওপৰত যে সকলো ৰজা॥ ৫৬৮৷