পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জ্যোতিষীয়ে এবাৰ কৈছিল। তােমালােকৰ সন্তান হব, কিন্তু সেইটোক ডাঙৰ-দীঘল

কৰোঁতে হাবাথুৰি খাবা। বহুত সমস্যা আহিব তােমালােকৰ বাটৰ হেঙাৰ হৈ। আৰু

ডাঙৰ সমস্যা আহিব সন্তানৰ বিয়াৰ সময়ত।

 হে প্রভূ ! সুমনাই প্রমাদ গুনিছিল যে গােটেই ভৱিষ্যতটোৱেই দেখােন

সমস্যাবহুল! তাই বিয়াৰ এবছৰ পিছতেই ছােৱালী এজনী জন্ম দিলে। একপ্রকাৰ

ভীতিগ্রস্তহৈ, অশনিসংকেত আশংকাত ভূগি পৰাগ আৰু সুমনাৰ বছৰবােৰ বাগৰিল।

 কিন্তু কোনাে অথন্তৰ নঘটাকৈ ছােৱালীজনী ইঞ্জিনিয়াৰিঙৰ ছাত্রী হ'লগৈ।

ফাইনেল ছেমিষ্টাৰ দিয়াৰ লগে লগে মাক-বাপেকক জনালে তাই ভালপােৱা বঙালী

যুৱক অভিজিতৰ কথা।

 ইমান বছৰে সন্তানক লৈ কোনাে অশান্তি অথন্তৰ নঘটাত সুমনাৰ ভয়

লাগিল বিয়া সম্পর্কে জ্যোতিষীয়ে দিয়া সাৱধানবাণী স্নিগ্ধাৰ ফলিয়াব বুলি। কিন্তু

পৰাগে বুজালে,

 :অনর্থক দুঃচিন্তা চপাই নল’বা। ভালেভালে তাইক বিয়া দি উলিয়াই দিয়াটো

কামনা কৰা। সৌভাগ্যক্রমে জী-জোঁৱাই আমেৰিকাৰ বাসিন্দা হ’লগৈ। এহাল শিশুৰ

ককা-আইতাক হ’ল সুমনা-পৰাগ। গােটেই জীৱন জ্যোতিষীৰ ভণ্ডামিৰ বলি হৈ দুয়াে

যিউদ্বেগময় জীৱন কটালে, সেই আশংকা সব মিছা প্রমাণিত হ’ল।কতাে কেনা

নলগাকৈ বিবাহােত্তৰ প্ৰতিটো বছৰ সুন্দৰকৈ বাগৰি গ’ল। দুয়াে স্থিৰ কৰিলে, নাতি

দুটাৰ ভৱিষ্যৎ জানিবলৈ সিঁহতে কোনাে জ্যোতিষীৰ কাষ নাচাপে।


00000

৩০