পৃষ্ঠা:টিচাৰ্ছ ডে’ আৰু একুঁকি গল্প.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জ্যোতিষী

 

 মেট্রিক দিয়া সময়তে সুমনাক এজন জ্যোতিষীয়ে হাত চাই কৈছিল, তােমাৰ

বিয়া সিংহৰাশিৰ মানুহৰ লগত হ’ব আৰু বৈবাহিক জীৱন তােমাৰ বৰ সুখৰ হ’ব।

তুমি ৰাণীৰ দৰে জীৱন কটাবা। সেই তেতিয়াই আৰম্ভ হৈছিল সিংহৰাশিৰ পাত্ৰৰ

সন্ধান।কোনেও নজনাকে সুমনাই "ম" আখৰেৰে আৰম্ভ হােৱা নামৰ ল’ৰা, যুৱক

আৰু মানুহ বিচাৰি ফুৰিছে। তাই বি.এ. পাছ কৰাৰ পিছত লাহে লাহে বিভিন্ন খবৰ

আহিবলৈ আৰম্ভ হল। কিন্তু "ম" আখৰৰ খবৰ এটাও নাছিল। তাই নিজা উদ্যোগত

"ম" সন্ধানত সদায় ব্রতী আছিল। বান্ধৱী অঞ্জুৰ খুড়াকৰ ল’ৰা মৃন্ময়ক টোপ

দিবলৈ বহু চেষ্টা কৰিও ব্যর্থ হৈছিল। সি একদম হিৰাে টাইপ যুৱক আছিল। সুমনাৰ

দৰে সাধাৰণ ছােৱালী এজনীক পাত্তা নিদিয়াটো স্বাভাৱিক। তাইৰ বয়স ২৯ হ’লগৈ।

"ম" আখৰৰ আৱিৰ্ভাৱ আৰু নঘটিল। কন্যা ৰাশিৰ পৰাগৰ লগতহে তাইৰ বিয়া ঠিক

হ'ল। আৰু জ্যোতিষীয়ে কোৱা মতে পৰাগ সিমান ধুনীয়াও নাছিল। তদুপৰি তাই

ৰাণীৰ দৰে জীৱন কটাব লগীয়া ঐশ্বৰ্য্য-প্ৰাচুৰ্য্যও তাৰ নাছিল।

 বিয়াৰ পিছত পৰাগৰ জ্যোতিষী বন্ধু এজনে পৰাগ আৰু সুমনাক সাৱধান

কৰি দলে দাম্পত্য কলহৰ পৰা বাচিবলৈ। সৰু কথাতে লাগি সিহঁতৰ

সংসাৰত জুই লগাৰ ভৱিষ্যতবাণীও কৰিলে। সুমনা দন্দুৰী ধৰণৰ ছােৱালী নহয়,

পৰাগাে খুব অমায়িক। তেন্তে কি অশান্তিয়ে দুয়ােৰে জীৱন নৰকত পৰিণত কৰিব,

সেয়া ভাৱি তাই যথেষ্ট উদ্বিগ্নভাৱে দিন কটাবলৈ ধৰিলে।

 সন্তানভাগ্যত অলপ খেলিমেলি থকা বুলি কামাখ্যালৈ অহা কাশীৰ এজন

ডাঙৰ

২৯