পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


উছৰ্গা

মৰমৰ আই!
কত যে আমনি পাই,    কত কষ্ট-দুঃখ খাই
 কত আলৈ-আহুকাল সহি কত শোক;
কত দিন জৰে-খৰে,    পৰ্‌ দি দি উজাগৰে,
 খুঁটি-খাব-পৰা এবে কৰিলাঁ যে মোক।
তাব শুটনি যে হায়!    যদিস্যাতো একো নাই;
 এই মালাধাবি দিলোঁ তযু, চৰণত;
কিন্তু যেন ঘিণ কৰি,    নেপেলোৱাঁ দলি মাৰি,
 এয়ে মাথোঁ হাবিয়াহ ক্ষুদ্ৰ জীৱনত।
ইয়ে মোৰ উপহাৰ,    নোহে গজমতী হাৰ
 নোহে কোন ৰাজ-মালা মণি-মুকুতাৰ,
মাথোঁ কবি-ফুলনিৰ     তল-সৰা তোলনিৰ
 বাণচেৰে-গঁথা এক আলাবাদু হাৰ।
এয়ে পতিয়ন মোৰ—    হোজা নিগুণীয়া পোৰ
 কুটাগছো মাতিৰীয়ে হেপাহেৰে লয়।
অতি ভকতিৰ দান,   যদি কৰাঁ অপমান
  নিছলাৰ ক্ষুদ্ৰ হিয়া পৰিব যে জঁয়।
তাত বাজে আৰু মোৰ,    এই নিমাখিত পোৰ
 কিনো আছে? কিনো দিম?--মৰমৰ আই!