পৃষ্ঠা:জ্ঞান-মালিনী.djvu/১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


সম্পত্তি কি ধন সোণ,   কিম্বা সুপুত্ৰীয়া গুণ,
  অকামিলা অধমৰ নাই একো নাই।
কিন্তু মুঠে আছে বোলোঁ    এযুৰি চকুৰ লো,
  নিশাত-ফুটিপৰা এটি হুমুনিয়া,
মউ-সনা আই মাত,   আল-ধৰা দুটি হাত,
  এখনি নীৰস বুকু মৰু-সমনীয়া।

 শক ১৮১৮
 ১ বহাগ।      মফিজ