জ্ঞান-মালিনী
সেই খলকনি উঠি বায়, বােকোচাত,
ছাটি মাৰি টিকা, ধােন্দ হাবি, লকচাত।
তােলে এটি হিয়া-ফটা ঊমি ও হাই,
প্রতিধনি জাগি উঠি কান্দে—হায়! হায়!
জ’কা পতি দুটি এটি ‘আশা' হালিজুলি,
বিনাইছে বিতল্টিছে কত কিযে বলি,
“হেৰ! দৰকপলীয়া নিছলীয়া নৰ!--
নিজে মই-মতলীয়া, নিজে মই-বব!
আজীৱনে ধৰি মােৰ, আলপৰিচান,
পালি-পহি এবে হায়! কৰ আওকাণ!
হায়! কিয় একে-চাবে ঠে, ছিঙ্গি মােক,
দলনিত-পােনা-মেলি দিছ অত শােক ?
নিলমে আছোঁ মই, থানিকা যে নাই;
কোনে আজি বক্ষে মােক?-হায়! হায়! হায়!”
এনি-তেনি দেখোঁ মানে যত মৰা শৱ,
পৰি আছে নিশৱদে নাই কোনাে বর।
কি যে ভয়ানক ভাৱে দাঁত নিকটাই,
হাঁহি হাঁহি আছে, যেন ভাবি চাই চাই-
পথিবীৰ গতি-মতি লাহ-বিলাহক;-
আৰ, এই মতলীয়া জীয়া মানুহক।
চিয়াৰেৰে কয় যেন,—“হে! মানহত!
এয়ে শেহ-দশা, চা-হি, ত, কপালত!
আজি হায়! ফৰিছ যে ধপচালি মাৰি
দুদিনীয়া পৃথিবীত মৰে-ভৰি কাঢ়ি,
পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৫৫
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
