পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জ্ঞান-মালিনী

বিশ্ব-খনিকৰ

দেখা নাই যদিস্যাতো, আছে ত্ৰিলোকৰ
নিশ্চয় নিশ্চয় এটি বিশ্ব-খনিকৰ।

 নিশ্চয় নিশ্চয় তেওঁ,
 দেখানায়ো যদি কেও,
বায়ু-মাটি-পানী-জুই একাকাৰ কৰি,
 কত নানা বৰণৰ,—
 কত জীৱ জন্তু নৰ,
কত কি যে চাণেকিৰে আছে গঢ়ি গঢ়ি।

 পৰুৱাকে আদি কৰি,
 সিংহ হাতীলৈকে ধৰি,
কোনো বিধ এৰা নাই প্ৰাণী সকলৰ;—
 আকাশৰ, পতালৰ,
 মাটি, বালি, সাগৰৰ,
ভিনে ভিনে গতি-গঢ় সকলোৰে লৰ।