পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অভিমত।

[ ]

 মই হাতেৰে লিখা কিতাপখনি পঢ়ি দুটি ভাল গুণ দেখিছোঁ —(১) ভাষা সৰল আৰু (২) লিখা প্রণালীটিও সৰল। তদুপৰি এনেকুৱা জীৱন-চৰিত পঢ়ি যদি আমাৰ মানুহৰ ধাউতি কাৰবাৰৰ কাৰণে অলপো আগবাঢ়ে, তাৰপৰা দেশৰ মঙ্গল আৰু বৰ্ত্তমান অন্ন-সংস্থানৰ এটা বাট মুকলি হয়।

(স্বা) শ্রীদুৰ্গেশ্বৰ শৰ্ম্মা
৬।৪।২

[ ]

 শ্ৰীমান শ্ৰীৰামচন্দ্ৰ দাসৰ “জেমছেদ্জী টাটা” নামৰ পুথিখন হাতে-লিখা অৱস্থাতে পঢ়িবলৈ পাইছিলোঁ। পুথিখনি পঢ়ি ভাল লাগিল ৷ টাটাৰ জীৱনী মানুহমাত্ৰৰে পাঠ্য আৰু তেওঁৰ আদৰ্শ সকলোৰে অনুকৰণীয়। জীৱনীটি সৰল ঘৰুৱা ভাষাত লিখাৰ কাৰণে বিশেষ ভাল হৈছে বুলি ধৰিব পাৰি। এনে ধৰণৰ গ্ৰন্থই বৰ্ত্তমান সময়ৰ জটিল অন্ন-সম্যাৰ পথত মানুহক নিজ নিজ লক্ষ্য আঙ্গুলিয়াই দেখুৱাব পাৰিব বুলিও আশা কৰোঁ।

( স্বা ) শ্রীচন্দ্রনাথ ফুকন
ইন্‌ষ্ট্ৰক্টৰ, নৰ্ম্মাল স্কুল
যোৰহাট—