পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শেষ কথা।

 টাটা কোম্পানীৰ সুখ্যাতিৰ বিষয়ে মাজে সময়ে বাতৰি কাকতত আলোচনা ওলায়। বাতৰি কাকতত পঢ়ি অলপমান কথ৷ ইয়াত তুলি দিয়া হ’ল; টাটা কোম্পানীয়ে বৰ্ত্তমানলৈকে যিমান বোৰ কাম কৰি আহিছে, সেই আটাইবোৰেই ৰাইজৰ চকুত লগা।

 (১) টাটা কোম্পানীয়ে ভৰঘাট নামে এটা সুৰঙ্গ খান্দিছে। তাৰ দীঘ ৩১০৩ ফুট, প্ৰস্থ ৩৪১/২ ফুট আৰু ওখ ২৪১/২ ফুট। এই কাম কৰোঁতে প্ৰায় ৪৬ লাখে টকা খৰচ হৈছে। এই কামৰ ভাৰ কোম্পানীৰ মেনেজিং ডিৰেক্টৰ মিঃ বালচাঁদ হীৰাচাঁদৰ ওপৰত আছিল; কামত ৫০ জন সুদক্ষ ইঞ্জিনিয়াৰ আৰু অসংখ্য মানুহ ১৭ মাহমান কাল নিযুক্ত আছিল। ই টাটা কোম্পানীৰ কীৰ্ত্তি-পৰিচায়ক। (আনন্দবাজাৰ পত্ৰিকা—১৩৩৫ চন, ৫ পুহ। )

 (২) যোৱা বছৰত (১৯২৮ ইং) জেমছেদপুত টাটা আইৰণ এণ্ড্‌ ষ্টীল কোম্পানীৰ ৫৮০০০০০ টকাতকৈও বেচি লাভ হৈছে।

 (অসমীয়া— ১৮৫১ শক, ১৯ আহিন।)