পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নবীন-প্ৰবীণ আৰু ভোগী-দুখী-দীন
একে মাতৃ-সন্তান আমি নহওঁতো ভিন,
বাণিজ্যত এৰি লাজ
বীৰ-সাজে কৰা কাজ
উদিব সৌভাগ্য-ৰবি—যাব হাহাকাৰ,
‘বাণিজ্যে বসতি লক্ষ্মী’ — কৰা মাথোঁ সাৰ।