আছিল। তেওঁ কেতিয়াও চকুমুদি চিৰপ্ৰচলিত ৰীতি অনুকৰণ
কৰি নুফুৰিছিল । তেওঁ পৃথিবীর নানা সভ্য দেশলৈ গৈ নানা
ৰকম নতুন নতুন ক্রিয়া-পদ্ধতি শিকি আহি তাক নিজে কামত
খটাবলৈ চেষ্টা কৰিছিল। তেওঁৰ এটা বিশেষ গুণ আছিল যে
—তেওঁ সদাই চিন্তা কৰিহে কাম কৰিছিল আৰু কিবা এটা নতুন
কাম কৰিবলৈ অলপো ভয় নকৰিছিল। তেওঁ মিলৰ প্ৰয়োজনীয়
বস্তুবিলাক যোগাৰ কৰিলে; মিলত যিবিলাক পুৰণা কল-কব্জা
আছিল, সিবোৰৰ সলনি সকলো নতুন ব্যৱহাৰ কৰিলে। এই-
বোৰ কামত তেওঁৰ অনেক টকা খৰচ হ'ল । আমাৰ দেশত
তেতিয়৷ এইটোৰ নিচিন। মজবুত মিল নাছিল ; শেষত টাটাক
অনুকৰণ কৰিহে কিছুমানে বহুত মিল স্থাপিত কৰিলে। অনুকৰণৰ
পৰাই মানুহৰ একেবাৰে মঙ্গল নাইবা বিমঙ্গল হব পাৰে। নিজৰ
মনেই সকলো ।
টাটাৰ কলটে৷ অতি সুন্দৰ; সেইবাবে তাত বহুত পৰি- মাণে ভাল কাপোৰ তৈয়াৰ হবলৈ ধৰিলে। টাটাই সেই বস্তুবোৰ কেনেকৈ বেচি দামত বেচিব পাৰিব তার উপায় চিন্তিবলৈ ধৰিলে। তাৰ কাৰণে তেওঁ চাৰিওপিনে মানুহ পঠিয়ালে । ভাল সুবিধা- জনক ঠাই পালে তালৈ কি উপায়েৰে কম খৰচত অথচ নিৰাপদে মাল পঠিয়াব পাৰে, তাৰ দিহ| উলিয়ালে । তাৰ বাহিৰেও কলৰ ওচৰতে যাতে তুলাব খেতি কৰিব পাৰে আৰু আন আন ঠাইৰ তুলাও অপ্রয়াসে পাব পাৰে, তাৰ সকলো সুদিহ৷ কৰিলে । টাটাই সুন্দৰকৈ জানিছিল যে, কলটো ভালকৈ চলাবলৈ হলে তাৰ