পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২)

 টাটা বিলাতৰ পৰা ঘূৰি আহি বহুত ভাবি-চিন্তি নাগপুৰ নগৰত এটা কাপোৰৰ কল খুলিলে; কাৰণ সেই ঠাইডোখৰ চে সুবিধাজনক আৰু তাত বহুত পৰিমাণে তুলা উৎপন্ন হয়। ৰেলগাড়ী থকা বাবে তাৰপৰ৷ বস্তু অনা-নিয়৷ কৰাতো সুবিধা আছে। তেওঁ নাগপুৰত মাটি কিনি কল পতাৰ কাম আৰম্ভ কৰিলে। ১৮৭৬ খৃষ্টাব্দত ঘৰ-দুৱাৰ বন্ধা আদি সকলো কাম শেষ হল। ১৮৭৭ খৃষ্টাব্দৰ ১লা জানুৱাৰীত কাৰবাৰ আৰম্ভ কৰিলে। এই তাৰিখেই মহাৰাণী ভিক্টোৰীয়াই ভাৰতৰ সম্ৰাজ্ঞী বুলি ঘোষণা কৰে; গতিকে বুৰঞ্জীত এইটো চিৰস্মৰণীয় দিন। সেই কাৰণে তেওঁ কলটোৰ নাম ‘এম্প্ৰেছ মিল’ ৰাখিলে।

 মিল চলোৱাত প্ৰথমে তেওঁ অনেক অসুবিধা ভোগ কৰিব- লগীয়া হৈছিল। কিন্তু টাটাৰ মেনেজাৰ বিজনজী দাদাভাই খুব কৰ্ম্ম-দক্ষ লোক আছিল বাবে সকলে। অসুবিধাই ক্ৰমে ক্ৰমে নাই- কিয়া হৈ আহিছিল। বিজনজী দাদাভাই এতিয়া ‘নাইট্’ উপাধি পাইছে৷ তেওঁ যি কামত নিযুক্ত হৈছিল, সেই কামত বিশেষ অভিজ্ঞ নাছিল; কেৱলমাত্ৰ নিজৰ শক্তি আৰু সাধুতাৰ কাৰণে তেওঁ সকলো কামতে কৃতকাৰ্য্য হব পৰিছিল।

 মিলটো ভাল কৰি চলাবৰ কাৰণে টাটাই যৎপৰোনাস্তি চেষ্টা কৰিলে। তেওঁৰ মিল পৰিচালিত কৰা ব্যৱস্থা অতি সুন্দৰ