পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৫
বহুত পলম হ’ল

ককায়েক আৰু ভনীয়েক দুয়ো বা খুৰীয়েকৰ সৈতে একেলগে বাস কৰিছিল। তেওঁলোকৰ অন্য কোনো আত্মীয় লোক নাছিল। চমভে তেওঁলোকৰ ঘৰলৈ সঘনে গৈ ভাল পাইছিল। তেওঁ বুঢ়ী গৰাকীৰ পৰা বেচ্ আদৰ-সাদৰ লাভ কৰিছিল।

 চমভ ইৰিনাতকৈ পাঁচ বছৰৰ ডাঙৰ। অপৰিচিত এজন মানুহৰ লগত মুক্তকণ্ঠে কথা পতাটো সহজ নহয়; প্ৰথমে ইৰিনায়ো চমভৰ আগত লাজ কৰিছিল। লাহে লাহে চমভে তাইক ভালপাবলৈ ধৰিলে, পিচত তেওঁলোকৰ বন্ধুত্ব গাঢ় হৈ উঠিল আৰু অতি কম সময়ৰ ভিতৰতে ই অবিচ্ছেদ্য হৈ পৰিল। বসন্তকালতে তেওঁলোকৰ বিবাহ সম্পন্ন হ'ল। বিয়াৰ পিচত তেওঁলোক প্ৰত্যেকেই সুখ অনুভব কৰিলে।

 এবছৰৰ পিচত ইয়ুৰিক জন্ম হ'ল। লৰাটিৰ ছ’মাহ হওঁতে চমভক জিণ্ডলভস্কলৈ বদলি কৰিলে। তেওঁ তালৈ অকলশৰে গ'ল, কিন্তু নিজকে অতিশয় অসুখী আৰু প্ৰণয়-পৰিত্যক্ত অনুভৱ কৰিলে। তেওঁ তেতিয়া ইৰিনাক তেওঁৰ কাষলৈ অনাৰ কথা ভাবিলে। ইৰিনাও অতি আনন্দিত হ'ল আৰু তাত শিক্ষা সিমানতে শেষ কৰি জিণ্ডলভক্সলৈ গ'ল।

 দুবছৰ এইদৰেই পাৰহৈ গ'ল। তেওঁ ইটোৰ পিচত সিটো পৰীক্ষা বিশেষ কৃতকাৰ্য্যভাবেই উত্তীৰ্ণ হৈ গ'ল। ইতিমধ্যে চমভে তাত এটা ডাঙৰ গৱেষনাৰ কাম সমাপ্ত কৰি মস্কোলৈ বদলি হৈ আহিল। ইৰিনাও খুৰীয়েকৰ ওচৰলৈ আহিল।

 মস্কোৰ পৰা চমভে প্ৰথমেই সঘনে চিঠিপত্ৰ লিখিছিল আৰু বন্ধ পালেই ঘৰলৈ গৈছিল।

 চমভ যেতিয়া ঘৰলৈ যায়, ইবিনা তেতিয়া খুব আনন্দিত হয়। তেওঁ চমভক হাতত ধৰি ইউৰিকৰ ওচৰলৈ টানি লৈ যায় আৰু তাকনো কোনেকৈ মৰম কৰে সাবধানেৰে লক্ষ্য কৰে। সন্ধ্যাবেলিকা তেওঁলোক ভলগাৰ পাৰৰ পাৰ্কত ফুৰিবলৈ যায়। নদীখনে চমভক আকৰ্ষণ কৰে, ইয়াৰ পাৰৰ দৃশ্যৰ তেওঁ সপোন দেখে। তেওঁ আশা কৰে যে, মস্কোত এইবাৰ থিচিচ্ খন সমাপ্ত কৰি তেওঁ সপত্নীক জিণ্ডলভক্সলৈ যাব।

 * * * * *

 চমভৰ বন্ধু এনে দিয়া এটা পাৰ্টিত তেওঁ হঠাৎ টাটয়ানাৰ লগত চিনাকি হয়। সেইদিনa চমভে বন্ধুজনৰ পুথিভড়ালটিত চকুফুৰাবৰ কাৰণে অন্যবিলাক অতিথিতকৈ আগতে তাত উপস্থিত হৈছিল। তেওঁ তাৰে এখন কিতাপত ইমানেই মনোনিবেশ হৈ আছিল যে ছোৱালীজনী কেতিয়া কোঠাটোত সোমাল তেওঁ ক'ব নোৱাৰিলে। আনকি তাই যেতিয়া মেলা কিতাপখন তেওঁৰ হাতৰপৰা লৈ জপাই মেজৰ ওপৰত ৰাখিছিল তেতিয়াহে তেওঁ ছোৱালীজনীৰ উপস্থিতি লক্ষ্য কৰে।

 “উসঃ, কিমান যে ভীত আপুনি?” ছোৱালীজনীয়ে ঠাট্টাৰ সুৰত ক'লে। “অন্যবিলাকে নাচিছে আৰু আপুনি পঢ়াত ব্যস্ত। ই সদাচাৰৰ বাহিৰ। আপুনি কিয় মোক নাচিবৰ কাৰণে লগ নধৰে?”

 আচৰিত হৈ চমভে তাইৰ ফালে চলে। তেওঁক দেখিলে বোধহয় যেন, এই অপ্ৰত্যাশিত