পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


মধুময় বলোক বতাহ, মধুময় নদীৰ প্ৰৱাহ,
মধুৰ শ্যামল বনৌষধি, মধু হোক ঊষা দিনে-ৰাতি।
মধু পৃথিৱীৰ ধূলি-কণা মধু পিতৃ মাতৃ গুৰুজন,
মধুময় দ্যুলোক ভূলোক, মধুময় সকলোটি হোক।
মধুময় বন বনস্পতি, মধুময় ৰবিৰ জেউতি
দিশে দিশে মধুৰ বৰ্ষণ, মধু হোক সকলোৰে মন।

-ঋগ্বেদ,

(১ম অষ্টক, ষষ্ঠ আধ্যা )