পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৭৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ফেনী ব্ৰাউনৰ উক্তিঃ কবি কীটছৰ প্ৰতি

শ্ৰীচন্দ্ৰ কটকী (চতুৰ্থ বাৰ্ষিক : কলা)

মানুহৰ বুকুৰ মৰম, পৃথিবীৰ অযুত সৌন্দৰ্য্য
 হাঁহি আৰু আশা আৰু প্ৰণয়ৰ গান
সকলো তুমিয়ে গালা, জীৱনক সুৰ দিলা
 শাশ্বত বেদনা কিয় কৰিলা অম্লান?

তুমি চিনি পালা জীৱনক, জোনাকক
 প্ৰেম আৰু সৌন্দৰ্য্যৰ কিমান সপোন
মই মাথো ৰ’লো—‘অচিনাকী’, বহুত দিনৰ
 কবি—তুমি নহলা আপোন।