পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
আত্মনিৰ্ভৰশীলতা

নকৰি, ভয়ত থৰক বৰক লাগি, সদাগৰী পাঞ্চৈ নাওখনে ডকাব থিয়োপোতা দিয়াই সৰ্ব্বস্বান্ত হয়। এনে লোকে নিজে ধনবস্তু ঘটা দূৰে থাকক, বোপা ককাৰ সা-সম্পত্তিকো চলাই খাবলৈ সাহ নকৰে। শেহত, নিজৰ ভৰিত থিয় হব ক'ত? বগুৱা বায়ো যাবলৈ ভয় কৰে। মুখত চূণ দিয়া জোকটোৰ দৰে সকলো কামতে কোচ খাই আহে; আনৰো কামত হেঙাৰ হৈ পাৰে। এনে লোকৰ সঙ্গত আনৰ আত্মনিৰ্ভৰ শক্তি কমি আহে। আত্মনন্দীহাস লোক কেৱল নিজৰেই নহয়, সমাজৰো, ভ্ৰমান্তক ৰছিৰ সাপটো।

 আত্মনিৰ্ভৰতা বিনিময়-বজাৰত সলাব পৰা বস্তু নহয়। ই স্বপ্ন-লব্ধ মহৌষধিৰ দৰে নিজে বনপাত বিচাৰি আনি, ধুই মেলি, থেতালি, দৰবৰ খোলত পিহি ৰস উলিৱাই নিজহাতে দিয়া বস্তু। সস্তীয়া দৰবৰ দোকানত তাক পাব নোৱাৰি। ভীম-কায় হলেও নিজৰ শৰীৰটো নিজৰ ভৰিয়েহে অবাধে লৈ ফুৰিব পাৰে। কলগছ যেন কলাফুলৰ ভৰি থকা এজন লোকে কান্ধত আন কেছুৱা এটা লৈ যাওঁতেও কষ্ট পায়। নিজ চৰণৰ ওপৰত ভৰ দি নিজে গৈ নোলালে মৃত্যুভয়েও এজনৰ মৰণৰ ঠাই সতকাই উলিয়াব নোৱাৰে। এজন মেধাবী ছাত্ৰয়ো যদি নিজে আত্মপ্ৰয়োগ নকৰি, কেৱল ঘৰুৱা শিক্ষকৰ মুখত শুনা কথাৰ ওপৰতে নিৰ্ভৰ কৰি থাকে, তেওঁ পৰীক্ষাত অকৃতকাৰ্য্য হলে আচৰিত হবলগীয়া কথা নহয়। শিপিনী এগৰাকীয়ে নিজে কাঠি তুলি, ফুল বাছিবলৈ নিজৰ হাত নচলাই, গৰকা নসলাই; যদি তাঁতপাতত বহি কেৱল চানেকী খনলৈকে চাই থাকে, ফুলাম কাপোৰ তোলোথাত মেৰখোৱা আশা কৰিব নোৱাৰে। বীজমন্ত্ৰ গায়ত্ৰী, শাস্ত্ৰৰ বচন সঁচা, কিন্তু তাক নিজেহে জপ কৰিব পাৰি। আনৰ হতুৱাই সেই কাম সিদ্ধ হব নোৱাৰে। জীৱনৰ সাথঁৰ নিজেহে ভাঙিব লাগিব। আনৰ হাতত তাৰ উত্তৰ নাই। আত্মনিৰ্ভৰতা আত্ম-অনুশীলনৰ যোগাসন, আত্মদৰ্শনৰ নখ-দৰ্পন।

 নিজক নিজে নাতাৰিলে আনে তাৰোতা নাই—এই কথাষাৰতেই আত্মনিৰ্ভৰতাৰ মৰ্ম্মখিনি সোমাই আছে। ইয়াৰ প্ৰাণৰ অৰ্থই হৈছে সৰ্ব্ববিধ প্ৰতিকূল অৱস্থাৰ পৰা মুক্তিলাভ। চাৰিমুঠি জীৱৰেই স্বভাৱ—আত্মনিৰ্ভৰশীল হোৱা। গুটিটোৱে নিজৰ ওপৰতে নিৰ্ভৰ কৰি বাঢ়ি গৈ ফলফুলে, ডালেপাতে, সুশোভিত হৈ আত্মপ্ৰসাৰ কৰিছে। চৰায়ে পাখি দুখনতে নিৰ্ভৰ কৰি বতাহ ঠেলি আকাশৰ উৰ্দ্ধলোকলৈ যাব পাৰিছে। ৰাজহংসই নিজৰ ঠেঙৰ তলুৱা দুখনেৰেই পাৰি দি একোখন প্ৰকাণ্ড বিলৰ সাজজোপাৰ মাজদিয়েই পাৰ হৈছে। মানুহে নিজৰ ভৰি দুটাৰ ওপৰতেই নিৰ্ভৰ কৰি যোজন পথ হেলাৰঙে অতিক্ৰম কৰিছে। উন্নতিপথত আত্মনিৰ্ভৰ অন্ধকাৰ ৰাতিও দূৰৰ পৰা দেখা জোঁৰটাৰ; পিতনিত নি পেলোৱা ধনগুলৈৰ জুই নহয়। মানুহৰ উন্নতিপথত বাধা যদিও অনেক, তথাপি পাৰিপাৰ্শ্বিক অৱস্থাৰ স্বাভাৱিক টনা-আজোৰাৰ মাজতো প্ৰত্যেকজন লোকে নিজৰ কৰ্ম্মপথ নিজে উলিয়াই লৈ আগবাঢ়িবই লাগিব। ইয়াত হাত ধৰা টান। আত্মোন্নতিৰ বীজ নিজৰ আত্ম-শক্তিত সিঁচি থোৱা আছে। তাৰ আভ্যন্তৰিণ চেতনাই উন্নতিৰ বিকাশ, বিস্তাৰ আৰু প্ৰতিস্থা। সৃষ্টিৰ আদিকাৰণ বীৰ্য্য-শক্তিৰ নিজৰ বৰ্ধিষ্ণু স্বভাৱেই আত্মনিৰ্ভৰশীল জগতৰ আৰ্হি।