সমললৈ যাওক

পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
জগন্নাথ বৰুৱা কলেজ আলোচনী

গাল খোৱাতকৈ নিজে হাল বাই, চহাই, সিঁচি, নিৰাই, মৈয়াই, দাই, চপাই নিজৰ ভঁৰালত আনি সুমুৱা আহু-ধানৰ আধা-কৰাঁ চাউল গালৰ ভাত মুঠিত বেছি তৃপ্তি পায়।

 আত্মনিৰ্ভৰশীল লোকে ভাল কৰে বুজে যে গছপুলি টোৱেও নিজৰ শিপাৰেহে মাটিৰ পৰা ৰস টানি প্ৰকাণ্ড বিৰিখত পৰিণত হ'ব পাৰে। মাটিত ভাল কৰে নিশিপোৱালৈকেহে সাৰজাবৰ পানী দি বেৰি কুৰি ৰাখিব লগাত পৰে। সিমানকণেই লোকৰ ওপৰত নিৰ্ভৰ। চৰাই পোৱালীটোৱেও নিজে খুটি খাব পৰা নোহোৱালৈকেহে মাকে পোক-পৰুৱা গছৰ গুটি কঢ়িয়াই মুখত ভৰাই দিয়ে। পাখি গজি ডেউকা কোবাই খাব নোৱাৰালৈকে ইডাল-সিডাল কৰি ফুৰোতে সহায় কৰে। ল'ৰায়ো থিয়ডঙা দিব নোৱাৰালৈকে হাতত ধৰি খোজ কাঢ়িবলৈ শিকোৱা হয়। ডাড়ি ঠুটিৱা ডেকা এজনক সেইদৰে হাতত ধৰি খোজ কঢ়োৱা হাঁহি উঠা কথা হ’ব। তেওঁ জানে যে পৃথিবীখন আকৰ্ষণ-বিকৰ্ষণৰ মাজত নিজ কক্ষত হে ঘূৰে।

 ব্যক্তিগত জীৱনত আত্মনিৰ্ভৰশীলতাৰ মূল্য যিমান, সামাজিক জীৱনত ততাোধিক। নগণ্য একোডাল তৃণ গোটাই গুণজৰি কাটি লৈ তাৰে একোটা বনৰীয়া হাতী বান্ধিব পাৰি। সমাজত সমূহৰ শক্তি তদ্ৰুপ। আত্মনিৰ্ভৰশীল একোখন সমাজ, পৰমুখাপেক্ষী একোখন দেশতকৈও শক্তিশালী। আত্মনিৰ্ভৰশীল সমাজৰ কাৰ্য্যপন্থা সুকীয়া। নামঘৰৰ হাতীটো লুকাই থাকিব পৰা খুটাটো তুলিবলৈ বৈজ্ঞানিক যন্ত্ৰপাতিলৈ অপেক্ষা নকৰে। সকলোৱে নিজৰ মিলিত বাহুবল দি,তাক কুহিলাৰ দৰে পাতল কৰি লৈ, চকু পচাৰতে তুলি পেলায়। নিজে মূৰ দোৱোঁৱা নাম ঘৰটো সাজোতে, চালত পৰৰ ভৰি পেলাবলৈ নিদিয়ে। সমাজৰ আত্মশক্তিৰে কৰিব পৰা সকলো কামকেই এইদৰে আত্মনিৰ্ভৰশীল হৈ সমাধা কৰে। তেনে সমাজে খাবৰ সময়ত খাবলৈ পায়; শুবৰ সময়ত শুবলৈ পায়। শ্ৰমাস্বাদ আৰু বিশ্ৰামৰ তৃপ্তি লাভ কৰি বিনন্দীয়া সুখৰ জীৱন গঢ়ি তোলে। তেনে আত্মনিৰ্ভৰশীল সমাজৰ চিন্তাধাৰা ত্ৰিবেণী সঙ্গম ঘাট। কৰ্ম্মক্ষেত্ৰ ফলপ্ৰসূ হয়,ব্যক্তিগত আচৰণ সমাৰ্জ্জিত হৈ সমাজৰ শুচিত্ব ৰক্ষা কৰে।

 আত্ম-নিৰ্ভৰতাৰ চৰম দৃষ্টান্ত পোৱা যায় এটা আত্মনিৰ্ভৰশীল জাতিৰ কাৰ্য্যকলাপত। এনে জাতিৰ কাৰ্য্য-কলাপে স্বৰাজ স্থাপন কৰে। সাম্ৰাজ্যবাদৰ শাসন আৰু শোষণনীতি সমৰ্থন নকৰে, পৰৰ মুখৰ গ্ৰাসেৰে নিজৰ পেট নভৰায়। বৈজ্ঞানিক বুদ্ধি কৌশলেৰে দেশৰ সম্পদ বৃদ্ধি কৰে। কিন্তু, তাৰে সাধুৰ মুখা পিন্ধি চোৰৰ সিন্ধি একোটা নিদিয়ে। বৰং তাৰে আন আন দেশ আৰু জাতি যাতে উপকৃত হ'ব পাৰে। এনে আত্মনিৰ্ভৰশীল জাতি গোষ্ঠীয়ে আন্তৰ্জাতিক সম্বন্ধ স্থাপন কৰিবলৈ সমৰ্থ হয়। তেতিয়া জগতখন সূচ্যগ্ৰভূমিৰ কাৰণ কুৰুক্ষেত্ৰ নহৈ চিৰ বাঞ্চিত বৈকুণ্ঠপুৰী হৈ উঠা সম্ভৱ।

 আত্মনন্দীহাস লোক আত্মনিৰ্ভৰশীল হ'ব নোৱাৰে। হাফোলা-হাফোলে তামোল গছত উঠিব পৰা এজনে যদি পদূলীৰ তামোলৰ সাকোঁডাল বগাবলৈ ইতস্ততঃ কৰে, তেন্তে তেওঁৰ ভৰি পিচলিব’ই। তেওঁ খোজে পতি উজুটি টোকেহে দেখে। নিজৰ বাউসিৰ ওপৰত বিশ্বাস