ওঁঠ দুটাৰ কাষলৈ টানি নি অযুত চুমাৰ পৰশেৰে মোক অন্ধ কৰি দিলে। তাইৰ বুকুখন মোৰ বুকুখনৰ লগত মিলি গ'ল। শ্বাস নিশ্বাসৰ কন কন কঁপনি বোৰৰ মাজত বকুলীৰ বুকুৰ বেদনা মিশ্ৰিত সাত বছৰৰ কাহিনীবোৰ শুনিবলৈ পালো। অযুত চুমাৰ বিনিময়ত আমি দুয়োটাই কোঠালিটোৰ পোহৰ খিনিৰ কথা পাহৰি গলো। মোৰ চকুকেইটালৈ চাই এবাৰ মাথো তাই মোক এটা প্ৰশ্ন সুধিছিল—
‘মোক তুমি বিয়া কৰাবা— প্ৰশান্তদা?’
উত্তৰত মাথোন তাইক মই বুকুৰ কাষলৈ জোৰকৈ টানি আনি অযুত চুমাৰ আলেখ্য আঁকি দিলো।
এয়ে মোৰ পোন্ধৰ বছৰীয়া জীৱনৰ ইতিহাস অনুজ্জ্বল। ইয়াৰেই দ্বিতীয় অধ্যায়ত আহি পৰিছিল বাণী বৰুৱা। গাঁৱৰ পৰা যেতিয়া চহৰলৈ গুছি আহিছিলো কালৰ বলীয়া সোঁতটাত বকুলীৰ স্মৃতিবোৰো উটি গৈছিল বহুত দূৰলৈ। সূদীৰ্ঘ আৰু আঠোটা বছৰৰ পাছত বকুলীৰ স্মৃতিবোৰ হঠাতেই আজি মোৰ মনলৈ আহি মোক আনমনা কৰি তুলিলে। বাণী বৰুৱাক প্ৰত্যাখ্যান কৰাতো যদি মোৰ পাপ বুলি ভাব বকুলীৰ স্মৃতিবোৰক বিসৰ্জন দিয়াতো মোৰ মহাপাপ হ’ব। বকুলীক বিচাৰি মই আকৌ গুছি যাম, — গাৱঁলৈ অনুজ্জল! যি নাৰী হৃদয়ৰ প্ৰথম এটি অনুকম্পাই মোক ন যৌৱনব প্ৰথম স্ফুলিঙ্গ যোগাইছিল সেই নাৰীহৃদয়ৰ মই মৰ্য্যাদা ৰাখিবই লাগিব।
প্ৰশান্তই বাগৰ সলাই মোৰ ফালে পিঠি দি বিচনাত বাগৰি পৰিল। লেপখন মূৰলৈকে টানি লৈ এটা নিশ্বাস এৰি দি লেম্প্টো নুমাই দিলে। ট্ৰেজাৰীৰ কাঁহৰ ঘণ্টাত তেতিয়া ‘বাৰ’ বজাৰ শব্দ হৈছিল।