মোক ক্ষমা কৰিব প্ৰশান্তদা। তেতিয়াতে মোৰ অকনিয়েই জ্ঞান হোৱা নাছিল—
আৰু অলপ কাষলৈ তাই চাপি আহিছিল। আউলী-বাউলী হৈ বকুলীয়ে মোৰ লংপেণ্টৰ ইস্ত্ৰিথকা কাৰা ভাগটোত ধৰিধৰি কৈ গ'ল –
“কেইখন চিঠি তোমালৈ দিলো ‘কিমান ক্ষমা বিচাৰিলো—তথাপি তুমি সেই দহবছৰীয়া বকুলীজনীক ক্ষমা কৰিব নোৱাৰিলা।”
কথাবোৰ কৈ যাওঁতে প্ৰশান্তৰ কান মুৰবোৰ ৰঙা পৰা দেখিলোঁ। কিছুসময় সি এনেয়ে তলকা মাৰি ৰ'ল। ভালেমান সময়ৰ পাছত চলচলীয়া চকুকেইটাৰে মোৰ ফালে চাই আকৌ কৈ গ’ল-
ধৈৰ্যৰ সীমা মই হেৰুৱাই পেলাইছিলোঁ। বকুলীৰ চুলিবোৰত আঙুলি ফুৰাই ফুৰাই তেতিয়া মই কৈছিলো অনুজ্জ্বল – সেইবোৰ কথা পাহৰি পেলোৱা তুমি আজি মোক ঘূৰাই লোৱা আৰু ময়ো তোমাক আকৌ সাতোটা বছৰৰ পাছত পাইছো।
খুড়ীদেৱে আকৌ সোৱঁৰাই দিছিল বকুলীক “চাহ দিলিনে প্ৰশান্তক?”
বকুলী তেতিয়া উঠি গৈছিল।
চাহখোৱা হলত এটা সৰু বতাত তামোল লৈ বকুলী আহি আকৌ মোৰ ওচৰত বহিল। তাইৰ খোজবোৰত দেখিলো অসীম অধীৰতা—দৃষ্টিত চঞ্চলা। কান্দি কান্দি ৰঙা পৰি যোৱা মুখ মণ্ডলত অজান ভাববোৰৰ খেলি মেলি ঢ’উ! বহুত কিবাকিবি কোৱাৰ কামনা আৰু মুখফালি এটা কথাও কব নোৱাৰাৰ যন্ত্ৰণাত তাই অধীৰা হৈ পৰিল। এবাৰ ভিতৰলৈ আৰু এবাৰ বাহিৰৰ অন্ধকাৰ বোৰলৈ চাই তাই মোৰ ওচৰলৈ একেবাৰে কাষলৈ গুছি আহিল। সৰ্ব্বশৰীৰ মোৰ কঁপি উঠিল। বিজুলী সোঁতৰ দৰে প্ৰখৰ গতিত মন উপকূলেদি এটা শিহৰণ বাগৰি গ’ল। সাতোটা বছৰৰ আগতে এদিন এই বকুলীক ইমান ওচৰতে পাই বুকুৰ মাজলৈ জোৰ কৰি টানি আনিছিলোঁ। সেইদিনা মোৰ জীৱনৰ বলুকাত বকুলীক অনন্যা বুলি স্থাপন কৰি লৈছিলো। আৰু সেইদিনা? সেই একেজনী বকুলীয়েই এবুকু যৌৱন লৈ মোৰ কাষত বহি আছিল। সাত বছৰৰ আগৰ সেই উন্মত্ত সম্বন্ধটোক হয়তো বকুলীয়েই এদিন হত্যা কৰি পেলাইছিল। বকুলীৰ চকুজোৰত হাজাৰ মিনতিৰ শিখা জ্বলি উঠিছিল। এটা আঙুলিও সেইদিনা বকুলীৰ ফালে আগবঢ়াই নিবৰ প্ৰেৰণা মই নাপালো। নিৰ্ব্বাক নিস্পন্দ হৈ ভেড়াৰদৰে মাথো অচল হৈ চাই আছিলো বকুলীৰ মুখখনলৈ।
‘বকুলী’ বুলি তেতিয়া মাত লগাই দিছিলো—বতাটোৰ পৰা এখন তামোল লৈ তাই মোৰ হাতত তুলি দিলে। নাটকীয় পৰিস্থিতি এটাৰ সৃষ্টি কৰি তাই মোৰ ভৰি কেইটাত সাৱটি ধৰি হুকহুককৈ কান্দিবলৈ ধৰিলে “ক্ষমা কৰিবা প্ৰশান্তদা!”
সেইদিনা বকুলী নিজে নিজেই আহি মোৰ কোলাত মূৰ সুমুৱাই দিলেহি। ক’ব নোৱাৰো কোন মুহূৰ্ত্তত কেনেকৈ তাই মোক দুইখন হাতেৰে ইমান কাষলৈ চপাই নিলে। জোৰেৰে তাইৰ