পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
জগন্নাথ বৰুৱা কলেজ আলোচনী

 নিৰ্ব্বাক-নিষ্পন্দ হৈ প্ৰফেচাৰ প্ৰশান্ত বৰুৱাৰ চকুলৈ চাই বাণীজনী বহি থাকিল। চকুকেইটা, দেখিলো চলচলীয়া হৈ পৰিছে। জেপৰ পৰা টুকুৰা টুকুৰ চক্ কিছুমান উলিয়াই প্ৰশান্তই টেবুলখনত তেতিয়া কিবাকিবি অকাঁ-বকাত ব্যস্ত। নীৰব কোঠা এটাত, সন্ধিয়াৰ পাতল আন্ধাৰ বোৰৰ মাজত অবাক অচল হৈ তিনিটি প্ৰাণী বহি থাকিল। কাৰো মুখত মাত নাই। প্ৰশান্তই আকৌ আৰম্ভ কৰিলে, “আৰু তুমিতো জানাই বাণী! প্ৰথম বাৰৰ কাৰণে পুৰুষে যি নাৰীৰ ওঁঠত দুটা চুমা আঁকি দিছে সেই নাৰীৰ স্মৃতিক হাজাৰ সংঘাটেও তেওঁৰ অন্তৰৰ পৰা আঁতৰাই নিব নোৱাৰে। তোমাক হয়তো বিয়া কৰাব পাৰিম, কিন্তু বকুলীৰ স্মৃতিবোৰক জানো মই পাহৰি যাব পাৰিম? তোমাৰ জীৱনৰ ভৱিষ্যত শান্তি আৰু বকুলীৰ সৰল আন্তৰিকতা খিনিলৈ লক্ষ্য ৰাখিয়েই আজি তোমাক এই নিষ্ঠুৰ সিদ্ধান্তটো জনালো বাণী—?”

 “যি বোৰ কথা তুমি দুটা বছৰৰ আগতেই কোৱা উচিত আছিল। সেইবোৰ কথা ইমান পলমকৈ কোৱাৰ লাভ কি প্ৰশান্তদা? তোমাক কেন্দ্ৰ কৰিয়েই আজি দুটা বছৰে মোৰ জীৱনৰ পৰিধিত আহি আছোঁ। তুমি জানো বুজা নাছিলা? কিয় তেন্তে তুমি অভিনয় কৰি থাকিলা? সেইখিনি সৎসাহস আজি দুটা বছৰৰ আগতেই তোমাৰ নহল কিয়?” অতিপাত খঙতেই যেন বাণীৰ চকুদুটা জিলিকি উঠিল। ফনা হেৰোৱা সাপৰ দৰে প্ৰশান্তৰ কাষত ঠিয় হৈ তাই যেন দংশন কৰিবলৈ সাজু!

 আকৌ বাণীয়েই আৰম্ভ কৰিলে, “মোৰ নিচিনা এজনী নিৰপৰাধী নাৰীক প্ৰৱঞ্চনা কৰিবলৈ তুমি কিয় অকনিও কুণ্ঠাবোধ নকৰিলা? ইউনিভাৰ্চিটিৰ উচ্চ ডিগ্ৰী তোমাৰ থাকিব পাৰে—-জ্ঞানৰ পৰিধি তোমাৰ মোতকৈ বহুত বহল হব পাৰে, কিন্তু মানবীয় অনুভূতি তোমাৰ একবিন্দুও নাই প্ৰশান্তদা।”

 প্ৰশান্তই এইবাৰ মাত লগালে—“তুমি অলপ বুজিবলৈ চেষ্টা কৰা বাণী।”

 তাতকৈ বেছি কোৱাৰ সুবিধা প্ৰশান্তই নাপালে। বহি থকাৰ পৰা তাই উঠিল। গাৰ কাপোৰ কানিবোৰ ঠিক ঠাক কৰি লৈ আকৌ এবাৰ শেষবাৰৰ কাৰণে প্ৰশান্তৰ ওচৰত বাণী মাৰ্জ্জিতা হ’ল—“ক্ষমা কৰিবা প্ৰশান্তদা! তোমাৰ জীৱনৰ এই অনাহুতা ছোৱালীজনীৰ কথাবোৰ তুমি পাহৰি যাবা! মই যাওঁ....।

 বাণী ওলাই গ’ল। দীঘল পদূলীটোৰ দুবৰি গছকি সন্ধিয়াৰ পাতল আন্ধাৰৰ মাজেদি এটি ধুনীয়া নাৰী প্ৰশান্তৰ কোঠাৰ পৰা ওলাই গ’ল। দুৰ্ব্বলা নাৰী হৈয়ো বাণীয়ে যিমানবোৰ কথা প্ৰশান্তক কলে তাৰ এটাৰ উত্তৰো সি দিব নোৱাৰিলে। তাৰ পুৰুষ কণ্ঠ আজি ৰোধ হৈ গ’ল। জীৱনত এটি মুহূৰ্ত্তৰ কাৰণে হলেও বাণী বৰুৱাৰ নিস্বাৰ্থ ভালপোৱাখিনিক প্ৰশান্তই সুৱঁৰি চাব লগীয়া হ’ল।

 প্ৰশান্তৰ সন্মুখত থকা আন্ধাৰৰ কলা শিখাবোৰক আঁতৰাই দি যেতিয়া মই তাৰ কাষ চাপিছিলো দেখিলো সি কান্দিছে। ডেৰ বছৰীয়া এই দীঘল কালটোৰ মাজত সৰবৰহী প্ৰশান্তৰ চকুত আজিয়েই মই প্ৰথম চকুলো দেখিলো।