পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰশান্তৰ বলুকাত

শ্ৰীৰুহিনী বৰুৱা (দ্বিতীয় বাৰ্ষিক : বিজ্ঞান)

 বাণী বৰুৱাৰ প্ৰেমত পৰাৰ কল্পনা কেইজনে নকৰাকৈ আছিল? যিদিনা সেই ধুনীয়া বাণী জনীয়ে আহি কলেজৰ কমন ৰুমত প্ৰথমবাৰলৈ এমুঠি ৰূপৰ পোহাৰ মেলিলে—আন ডেৰ শ ছোৱালীৰ চকুত ঈৰ্ষাৰ জুই জ্বলি উঠিল। ক্লাছৰ প্ৰথম বেঞ্চত বহি যেতিয়া বাণী বৰুৱাই ‘ইকনমিক্সৰ’ থিয়ৰী বুজাত ব্যস্ত ....লগৰ সকলো ল’ৰাই তেতিয়া হয়তো এই ছোৱালীজনীৰ এটি চকুৰ পলকৰ কামনাত অধীৰ। কিন্তু হাজাৰ দুষ্মন্তক ব্যৰ্থতা দি শকুন্তলা বাণী বৰুৱাই নিজক জয়ী কৰি ৰাখিলে।

 কিন্তু প্ৰশান্ত বৰুৱাই কিয় ইমান নিষ্ঠুৰ আঘাট দিলে এই বাণী জনীক? যি বাণী বৰুৱাৰ প্ৰেম বিচাৰি হাজাৰ ব্যথিত হিয়াই গোপনে কান্দিলে....সেই বাণী বৰুৱাক নিৰ্ম্মম ভাবে প্ৰত্যাখ্যান কৰিলে প্ৰশান্ত বৰুৱাই।

 প্ৰশান্ত আৰু মই আজি প্ৰায় দুবছৰেই একেলগে আছো। সৰু ভাড়া ঘৰ, একেটা কোঠাতেই আমি দুয়ো থাকো। দিনৰ দিনতো মই ব্যস্ত থাকো বাতৰি সংগ্ৰহত আৰু তেওঁৰ দিনবোৰ পাৰ হৈ যায় প্ৰাইভেট কলেজৰ নিৰ্দিষ্ট ৰুটিনৰ মাজত, প্ৰশান্তৰ জীৱনৰ ইতিহাস মই বেছি ভালকৈ নাজানো। যিখিনি জানিছিলো, আজি জনাখিনিৰ পৰা বহুত কম।

 প্ৰশান্ত আৰু বাণী বৰুৱাৰ কথাৰ মাজত দ্ৰপ পৰিল। কোনো দিনে নঘটা আৰু কাৎসিতো ভাবিব নোৱাৰা অৱস্থা এটাৰ সন্মুখীন হৈ ময়ো আজি চক্ খাই উঠিলো। অকল সেয়ে নহয়—এজনী অপৰিচিতাৰ ওচৰত নিজৰেই অস্বস্তি খিনি ধৰা পৰাত লাজো লাগিল।

 মোৰ বিচনা খনত বহি আছিল বাণী! কোঠালিটোত থকা একমাত্ৰ বেতৰ চকী খনত বহি ‘ন’ বছৰীয়া বন্তি জনীয়ে কিতাপৰ ছবি চাই চাই তন্ময় হৈ আছিল। আনখন বিছনাত এজোৰ শ্লিপিং সাজ পিন্ধি প্ৰশান্তই অনৰ্গল কথা কৈ গৈছিল বাণীক। পৰিস্থিতিটোৰ পৰিবৰ্ত্তন কৰিবলৈ ভাল নালাগি একে কোবেই গৈ পাক ঘৰটো পালোগৈ।

 কথা চলি থাকিল।

 লুভীয়া মনটোক বাধা দিব নোৱাৰি মনে মনে গৈ বেৰখনৰ দাঁতিত ঠিয় হ’লোগৈ। এই অপৰিচিতা গাভৰুজনীৰ লগত ডেকা বন্ধু প্ৰশান্তৰ কি কথাবাৰ্ত্তা চলে; চুৰকৈ উনাৰ হেপাঁহ হ’ল।

 “এইটোৱেই মোৰ পোন্ধৰ-বছৰীয়া জীৱনৰ ইতিহাস বাণী! মোৰ বিশ্বাস—এই মুহূৰ্ত্তৰ পৰা তুমি মোক মুক্তি দিবলৈ শিকিবা।”