সমললৈ যাওক

পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তিনিটা কবিতা

শ্ৰীভবেন বৰুৱা (দ্বিতীয় বাৰ্ষিক:কলা)


(১) উপলব্ধি
বৰষুণ অহাৰ আগতে
তোমাক কও, শানিত ৰক্ত-প্ৰয়াসত,
উষ্মিত তেলৰ পুঙত নমাৰ আগতে
লৌহ যান্ত্ৰিকতাৰ শিহৰণ,
তোমাক কও,
মন্ত্ৰ,
উদ্বাস্তু তেজৰ
অন্ধকাৰ শিহৰিত মনোময় মন্ত্ৰ :
 যন্ত্ৰৰ প্ৰহাৰত ক্ষত এই প্ৰহৰ,
 গণিতৰ নিৰ্ভুল যান্ত্ৰিকতাৰে।
 যেতিয়া আহে
 কুকুৰাৰ ভৰিৰ শব্দ,
 আৰু আহে
 বতাহৰ শব্দ
 প্ৰৌঢ়া প্ৰেমিকাৰ দৰে,
 মোৰ ৰক্ত-প্ৰয়াস হয় দুৰ্মৰ,
 দেহ উদ্বাস্তু,
 যান্ত্ৰিক প্ৰহৰ স্পন্দমান
 ধূসৰ তান্ত্ৰিকতাৰ পৃথিবীত।
 

   

(২) তুমি
আৰু যিয়েই নোকোৱা
তুমি থাকিব লাগিব।
থাকিব লাগিব।
নিশ্চয়।
নহলেযে,
নহলেযে আকাশ শুকাব
পাণ্ডুৰ ক্লান্তিত,
আৰু সোতোৰা সোতোৰি চালেৰে
পৃথিবী হব প্ৰৌঢ়তাৰ মুঠিত
নষ্টদেহ।
আৰু,
তীব্ৰ উন্মাদ ধুমুহা আহিব
নিঃসঙ্গ প্ৰান্তৰ জুৰি,
বজ্ৰই যাব চিয়ঁৰি,
আৰু মই কপিম।
নিৰ্জন পাহাৰৰ টিঙত-
বতাহত, বৰষুণত,
তোমাক চিয়ঁৰি চিয়ঁৰি।