পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কুন্তলা কাকতি

শ্ৰীকুন্তলা কাকতি ( প্ৰাক্তন ছাত্ৰ )

এয়া মই,
কুন্তলা কাকতি।
তোমাৰ পুৰণি চিনাকী।

ঘামতিতা কোমল মাটিৰ গোন্ধ,
ক্লান্তিহীন বৰষাৰ নিঃসঙ্গ বেদনা,
হিম-শেতা সূৰুযৰ সোণসৰা হাঁহি;
পলাশ-ৰঙ্গা ফাগুনৰ বনজুই
যৌৱনৰ বিৰিণাবনৰ,
আকাশৰ ওৰণিত,
মুঠি মুঠি বুটা তোলা
মোৰ হাঁহিবোৰ,
মোৰ পৰিচয়—মোৰ ইতিহাস,
চেচা পৰা, শেতা পৰা, পলৰীয়া মন।
তোমাৰ পুৰণি চিনাকী কুন্তলা কাকতিৰ।

আৰু আছে,
কত সাধু, কত ইতিকথা
মোৰ জীৱনক চুই মৃত্যুঞ্জয়ী হোৱা।
ভাত আৰু কাপোৰৰ
প্ৰেম আৰু বেদনাৰ,
কত ছন্দ, কত গান
মোৰ জীৱনৰ স্তৰে স্তৰে।
বেদনা নীৰৱ তেজীমলাৰ দৰে
আখৰে নিলিখা, পাথৰে নিলিখা।

   

এবুকু প্ৰেমৰ বাবে
একাঁজলি হাঁহি আৰু
এমুঠি ভাতৰ বাবে
মই অহা শতিকাৰ ৰাজপথে ৰিঙিয়াই
তোমাক শুনাব—
মোৰ কথা, মোৰ গান,
তোমাৰ পুৰণি চিনাকী কুন্তলা কাকতিৰ।

হেৰা, সূৰ্য্য-মুখী বন্ধু
তোমাৰ মন আকাশৰ খিড়িকীত
অচিনাকী পোহৰৰ দুৱাৰ দলিত।
মাটিৰ বেদনা আৰু
মানুহৰ অসহায় ব্যথা লাগি
চেচা পৰা, শেতা পৰা, পলৰীয়া মন৷
ধুলি-ধোঁৱা, প্ৰেম-হাঁহি
জীৱন আৰু যৌৱনেৰে
শিৰত সেন্দূৰ সনা আমাৰ পৃথিৱী
তোমাৰ উপনিবেশ।
জুই আৰু তিখাৰ হাটত
যোগান আৰু চাহিদাৰ পোহাৰ লৈ
তুমি উন্মত্ত।
মোক চাবলৈ, চিনি পাবলৈ
তোমাৰ সময় নাই।
মোক--
তোমাৰ পুৰণি চিনাকী কুন্তলা কাকতিক।