“চাইনো চাই বুলিবি বাট হেৰ চেনাইটি
চাইনো চাই বুলিবি বাট;
দেহৰে ভিতৰতে আছে খলা বমা
পিচলি পৰিবি তাত।”
অকল এয়ে নহয়, “জনমৰ লগে লগে মৃত্যু আহে যায়” এই কথা সত্য উপলব্ধি কৰি এসময়ত অসমীয়াই সঙ্কেতবাণী পথাইছিল। মানুহে জীয়াই থাকিবৰ কাৰণে এই দুদিনীয়া সংসাৰলৈ মাত্ৰ দুদিনলৈ আহি নিজৰ স্বাৰ্থৰ কাৰণে চাই অতি অসৎ কাম কৰে; কিন্তু কোনেও ভাবি নাচাই এইবোৰ কালৰ সোঁতত কি হব? কাক দিব? কলৈ লৈ যাব? কোনেও ভাৱি নাচাই যে এই অস্থায়ী দেহাই লগত একো লৈ যাব নোৱাৰে; মাত্ৰ পাৰে দুটা বস্তু এটা হ’ল পাপ আৰু আনটো পূণ্য। সেয়েহে সঙ্কেত দিছে—
“ধনে ধনে কৰি ধনকে ঘটিলি
পৰমে যতনে কৰি;
ধন গ'ল উচলি মন গল পিচলি
লগত গ’ল দুচলি খৰি।”
আকৌ—।
“আহিলা অকলে যাৱাগৈ অকলে
পাৰ হৈ জীৱনৰ সাঁকো;
লগৰ সমনীয়া সবে দুদিনীয়া।
লগত লৈ নাজাবা কাকো।”
জীৱন নৈ সাঁকো ডাল অতি সৰু। খুপি খুপি পাৰ হব পাৰিলেহে জীৱন যাত্ৰাত জয় হব পৰা দেখা যায়; সেয়েহে কৈছে—
“জীৱনৰ নৈতে যি ডাল ঐ সাঁকো
খুপি খুপি হ’বা পাৰ।”
এইবোৰ অকল সেইযুগৰ কাৰণে নহয়; আজি আমাৰ কাৰণেও এইবোৰ সঙ্কেত বাণী। এনেধৰণৰ ভাৱধাৰাৰ কাৰণে আজিও বিহুগীত বোৰ আমাৰ ইমান আপোন; ইমান মৰমৰ; ইমান আদৰৰ। মুঠতে অসমীয়া লোক সাহিত্যৰ সৌন্দৰ্য্য ৰক্ষা কৰাত বিহুগীতৰ অৱদান যথেষ্ট ডাঙৰ। অসমীয়া জাতীয় জীৱনৰ চিত্ৰ অঙ্কিত কৰি অসমীয়া লোক সাহিত্যৰ ভিতৰত বিহুগীতে যি অৱদান দিছে, সি অসমীয়া লোক সাহিত্যৰ সৌন্দৰ্য ৰক্ষা কৰি অসমীয়া সাহিত্যৰ ভৰাল যথেষ্ট শকত আৰু চহকী কৰিছে।