পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
লোক সাহিত্যৰ সৌন্দৰ্য্যত বিহুগীতৰ অৱদান

 চেনেহীয়ে দিয়া মৰমৰ ৰঙা বিহুৱানৰ ৰঙা আঁচুৰ মাজত চেনায়ে চেনেহীৰ পীৰিতিৰ সন্ধান পায়;

“তোমাৰে হাতৰে ৰঙা বিহুৱান
তাতে ঐ পীৰিতি পাওঁ।”

 অসমীয়া গাভৰু মাত্ৰেই তাঁতশালখনি ইমান আপোন যে গাভৰুক বিয়া দিব বুলি শুনি তাঁতশালখনেও কান্দি উঠিছিল—

“বৰঘৰত কান্দিলে  নেওথনি যতঁৰে
 মাৰলত কান্দিলে ভণী;
বাৰীৰ পাছে ফালে  কান্দে তাতঁৰশালে
 আইদেউক বিয়া দিব শুনি।

 এই সকলোৰে ওপৰত বিহুগীতৰ মাজত যি উপমা সমূহ আছে সেইবোৰ মন কৰিবলগীয়া। উপমা সাহিত্যৰ এটা বিশেষ অঙ্গ। সাহিত্যৰ উপমাই সাহিত্যক বেচি ৰসাল কৰি তোলে আৰু পাঠকক বেচি আকৃষ্ট কৰে। সাহিত্যত উপমা সকলো জাতিৰ সাহিত্যৰ মাজতে পোৱা যায়। সংস্কৃত সাহিত্য উপমাৰ কাৰণে বিখ্যাত। এই উপমাৰ পৰা বিহুগীতেও হাতসাৰিব পৰা নাই। উপমাৰ কাৰণে অসমীয়া লোকসাহিত্যৰ ভিতৰত বিহুগীতৰ এখন সুকীয়া আসন আছে।

“চকুত তিৰে বিৰাই পদুমৰ পাহী ঐ
দেহাত তিৰেবিৰাই সোণ;
চেনেহীৰ মুখলৈ চাবকে নোৱাৰি
যেন ঐ পূৰ্ণিমাৰ জোন।”

 অৱশ্য এই বিহুগীতৰ উপমা, আধুনিক অসমীয়া কবিতাৰ দৰে “তোমাৰ চকুত প্ৰিয়া, সাগৰৰ এচামুচনীলা” “আমাৰ চকুত তিখাৰ জুই” “প্ৰথম, নিশা অপৰিচীতা পত্নীৰ দৰে পৃথিবী থৰে থৰে কঁপিছে” আদিৰ দৰে ইমান সুদূৰ প্ৰসাৰী ভাৱধাৰা পৰিলক্ষিত নহয়। কাৰণ এইবোৰ সৰ্ব্বসাধাৰণৰ সহজ অনুভূতিৰ দ্বাৰা প্ৰকাশিত হৈছিল। চকুৰ আগত দেখা বস্তুবোৰকে তেওঁলোকে উপমা হিচাবে ব্যৱহাৰ কৰিছিল। কিন্তু যিটো যুগত এই বিহুগীত বোৰ প্ৰকাশ হৈছিল সেই যুগলৈ চাই ইয়াৰ মূল্য বহুত ওপৰত।

 এই বিহুগীতৰ মাজত যে অকল প্ৰেম আৰু অসমীয়া সমাজত সচৰাচৰ ব্যৱহাৰ হোৱা বস্তুবোৰৰহে চিত্ৰ পোৱা হয় এনে নহয়। তাৰ মাজত দাৰ্শনিক চিন্তাধাৰাও নিহিত হৈ থকা দেখা যায়। অসমীয়াইও জানিছিল যে এই দেহা অস্থায়ী; মাটিৰ দেহা সময়ত মাটিতেই বিলীন হৈ যাব। অকলৈ যেনেদৰে এই মৰতলৈ আহিছিল ঠিক তেনেদৰে এদিন অকলে অকলে যাবগৈ। কিন্তু যি কেইদিন থাকিব সেই কেইদিনত জীৱন পথত সাৱধানে আগবাঢ়ি যাবলৈ ৰিঙিয়াইছে।