গাঁৱৰ ঘৰখনলৈ গলে আমি পোণ প্ৰথমতে বৰ বতাটোত আমৰ কুলিটোৰ ভিতৰত অসমীয়া ধপাত
সুমুৱাই দবুৱা কটাৰীখনৰ সৈতে তামোল পান আগবঢ়াই দিয়া পাম। হেজাৰ টকাই কৰিব
নোৱাৰা এটা কাম মাত্ৰ এখন তামোলে কৰিব পৰা আজিও বহুত দৃষ্টান্ত আমি দেখো। তামোল
এখনৰ মাজেদিও প্ৰেমিক-প্ৰেমিকাই প্ৰেম নিবেদন কৰাৰ সুবিধা পায়। চেনেহীৰ লিহিৰী হাতেৰে
কটা তামোল খনি খালেহে চেনায়ে আনন্দ উপভোগ কৰিব পাৰে,
“একোতে নাপাও সুখ মই লাহৰী
একোতে নাপাও সুখ;
তোমাৰ হাতেৰে কটা তামোল খনি
খালেহে পাহৰো দুখ।"
প্ৰেমিকে, প্ৰেমিকাক গোপন মিলনৰ সঙ্কেত স্বৰূপে তামোলৰ বাকলি পদূলীত পেলাই আহ্বান জনাই,
“তোমাৰে পদূলীত তামোল কাটি খাম
বাকলিত থৈ যাম চিন।”
আকৌ প্ৰেমিকাই ভয় কৰে, কিজানি তেওঁলোকৰ গোপন মিলনৰ চিন আনৰ আগত কেনেবাকৈ প্ৰকাশ পায়; সেয়েহে প্ৰেমিকাই প্ৰেমিকক সাৱধান কৰি দিয়ে –
“আমাৰে পদূলীত তামোল নাকাটিবা
বাকলিত ধৰিব চিন।”
চেনায়ে, চেনেহীয়ে কটা তামোল খনিৰ মাজত ভালপোৱাবোৰ বিচাৰি পায়। চেনেহীয়ে দিয়া থুৰিয়া তামোলে চেনাইক আহুদি কৰে, ভালপোৱাবোৰ বেচি গঢ় হৈ উঠে,
“তোমাৰে তামোলত কিনো মায়া আছিলে—
আহুদি কৰিলে মোক;
থুৰিয়া তামোলত মৰম ঐ পথালা
কেনেকৈ পাহৰো তোক।”
মুঠতে,—এই বিহুগীতৰ মাজত ডেকা-গাভৰুৰ প্ৰেমৰ এখনি সুন্দৰ চিত্ৰ দেখিবলৈ পোৱা যায়। অকল এয়ে নহয়। শৰীৰৰ বিভিন্ন অঙ্গৰ বিচিত্ৰ বৰ্ণনা এই বিহুগীতৰ মাজত পোৱা যায়। “ডেকাৰ চিকুণ ভৰিৰ কলাফুল”, “গাভৰুৰ ককাল খামুচিয়া”, “উধান যেন বুকু” “পূৰ্ণিমাৰ জোন যেন মুখ” ইত্যাদি ইত্যাদি।
অসমীয়া তিৰুতা মাত্ৰেই তাঁতশালখনি অতি আদৰৰ; বিহুৱান খনি অতি মৰমৰ। বিহুগীতৰ মাজত, এই তাঁতশালখনিৰ চিত্ৰ, বিহুৱান খনিৰ মাজেদি ডেকা-গাভৰুৱে প্ৰেম নিবেদন কৰা, বোৱা- কটাৰ দৃশ্য আদি বহুত পৰিমাণে দেখিবলৈ পোৱা যায়। অতীজৰ পৰাই অসমীয়া তিৰুতা বোৱা কটাৰ কাৰণে বিখ্যাত আছিল। ভাৰতৰ ভিতৰতে ভাৰতৰ পূব প্ৰান্তত থকা এই ক্ষুদ্ৰ অসম দেশৰ অসমীয়া