পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৭
সম্পাদকীয়

বৰ কম। এই প্ৰচাৰ কম কাৰণেই আজিকোপতি অসম-চৰকাৰে অসমীয়াক অসমৰ ৰাজ্যিক ভাষা বুলি ঘোষণা কৰিব পৰা নাই।

 অলপতে অসম চৰকাৰেও অসমীয়া লিখকক ভাল ভাল কিতাপবোৰ যিবোৰ অপ্ৰকাশিত হৈ আছে সেইবোৰ প্ৰকাশ কৰিব বুলি কৈছে। নকলেও হ'ব যে এই চেষ্টা প্ৰশংসনীয়। অসমীয়া সাহিত্যিকে কিতাপৰ বজাৰ দেখি কিতাপ প্ৰকাশ কৰিবলৈ নিৰুৎসাহ হয়। জনপ্ৰিয় চৰকাৰে এই গুৰুভাৰ লোৱাত আমি আনন্দিত হৈছে। এতিয়া সাহিত্যিকবৃন্দই তেওঁলোকৰ বাছক-বনীয়া গ্ৰন্থৰাজি নিশ্চয় ছপাৰ আকাৰত দেখিবলৈ পাব।

 আধুনিক পৌৰাণিক আদি মতান্তৰলৈ নগৈ আজি প্ৰত্যেক সাহিত্যিকে আমাৰ সাহিত্যৰ ভৰাল চহকী কৰিব লাগে। আমাৰ ভাষাত নাটকৰ বৰ নাটনি। ভাল উপন্যাসো খুব কম। সাহিত্যৰ আন বিভাগবোৰৰ সৈতে এই দুটা বিভাগৰো যাতে উন্নতি হয় তালৈ সাহিত্যিক সকলে যেন চকু ৰাখে। মুঠতে সকলো ভেদাভেদ এৰি আজি সকলো সাহিত্যিকে আমাৰ সাহিত্যৰ ভঁৰাল পূৰণ কৰিবলৈ আগবাঢ়ি অহা উচিত। আৰু যদি ইয়েই হৈ নুঠে আমাৰ ওচৰ চুবুৰীয়া বঙালী ভাষাই আমাক গ্ৰাস কৰিব। ভাষা আৰু সাহিত্যৰ মাজত প্ৰদেশসমূহৰ ভিতৰত যি প্ৰতিযোগিতা চলিছে তাত অংশ গ্ৰহণ নকৰি পলায়নী মতবাদ গ্ৰহণ কৰিলে অদূৰ ভৱিষ্যতত অসমীয়া ভাষাৰ অৱস্থা দুৰৱস্থাত পৰিণত হবগৈ। অসমৰ ভিতৰতে বৰ্ত্তমান বঙলা ভাষাৰ প্ৰাদুৰ্ভাৱ হৈছে, যদি অসমীয়া ভাষাৰ বহুল আৰু জোৰ প্ৰচাৰ নহয় অসমীয়া ভাষা এটা বৃহত্তৰ সমষ্টিৰ ভাষা নহৈ এমুঠি মানুহৰহে ভাষা হ'বগৈ।

কৃতজ্ঞতা স্বীকাৰ:

 জগন্নাথ বৰুৱা কলেজ আলোচনীৰ অষ্টাদশ বছৰ সংখ্যা নানা আলৈ আহুকালৰ মাজেদি পঢ়ুৱৈ সমাজলৈ আগবঢ়ালোঁ। সম্পাদক হিছাপে কোনো কৃতিত্ব দাবী কৰাৰ মোৰ শক্তিও নাই সামৰ্থ্যও নাই। কলেজ আলোচনীৰ নিচিনা হ’ল নে নহ'ল তাৰ বিচাৰৰ ভাৰ ৰাইজৰ ওপৰতে এৰিলোঁ।

 এইবেলি আলোচনীখনত যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীৰে প্ৰবন্ধ-পাতি প্ৰকাশ কৰিছোঁ। বাহিৰা লিখক-লিখিকাৰ প্ৰৱন্ধ-পাতি প্ৰকাশ কৰিলে ছাত্ৰ সমাজে সততে সম্পাদকক জগৰীয়া কৰে।

 বয়োবৃদ্ধ ‘যদু' ককাদেউতা আৰু বাগ্মীবৰ ফুকন ককাদেউতাই অনুৰোধ ৰক্ষা কৰি এটি কৱিতা আৰু প্ৰৱন্ধ প্ৰকাশ কৰিবলৈ দিয়াত তেখেত সকলৰ প্ৰতি মই কৃতজ্ঞ।

 আলোচনী প্ৰকাশ কৰোঁতে সততে সহায় কৰা বাবে আলোচনীৰ ভাৰপ্ৰাপ্ত অধ্যাপক কিৰণ শৰ্ম্মা, অধ্যাপক চৈয়দ আব্দুল মালিক, অধ্যাপক ত্ৰৈলোক্য নাথ গোস্বামী আৰু সম্পাদনা সমিতিৰ সভ্য সকলৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰোপৰি মোক সততে দিহা পৰামৰ্শ দিয়া শ্ৰীকৈলাশ গোস্বামী [ ধলৰসত্ৰ প্ৰেছৰ অধ্যক্ষ ], শ্ৰীপ্ৰফুল্ল ৰাজগুৰু আৰু আলোচনীৰ কাম গাত লাগি কৰি দিয়া বাবে এলেম্ প্ৰেছৰ কৰ্ম্মকৰ্ত্তা সকলক ধন্যবাদ জনাইছোঁ।

 শেষত সম্পাদক হিছাবে কৰা ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰিলোঁ।


১৮