সমললৈ যাওক

পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
অসমীয়া ভাষা আৰু অসমীয়া মহাজাতিৰ অৱদান

 আমি এতিয়া ভাষাৰ অৱদান সমূহ আলোচনা কৰি চাম। ভাষাৰ পিণৰ পৰা চাবলৈ গলে অসমৰ ৰাজহাড় স্বৰূপ প্ৰায়বোৰ জাতিয়েই অসমীয়াত নপৰে। অথচ এওঁলোক প্ৰায়বোৰেই অসমীয়া। ৺বাণীকান্ত কাকতিৰ অসমীয়া ভাষাৰ ওপৰত লিখা “থেচিচ” খনৰ পাট লুতিয়ালে দেখোঁ অসমীয়া ভাষাত এই পৰ্ব্বতীয়া ভাইহঁতৰ বহুতো শব্দ সোমাই পৰিছে। কিংখাপ, জেং, জপা, জঞ্জাল, জহা আদি শব্দবোৰ আচল অসমীয়া শব্দ নহয়। এইবোৰৰ মূল হ’ল খাছীভাযাহে। জান, হাঁতি, লাটুম, বগা, বোকা, গাহৰি, হাফলু, মাইহাং, হাঘাহ, জখলা, হোজা আদি শব্দবোৰো অন্যান্য উপজাতীয় লোকসকলৰ পৰাই অহা। পুৰণি ইতিহাসৰ পাত-লুটীয়ালে আৰু বহুত শব্দ পোৱা যাব —যিবোৰক আজি অসমীয়া শব্দ নহয় বুলি কবৰ শক্তি নাই।

 পৰ্ব্বত-ভৈয়ামৰ সম্প্ৰীতিত ভাষাৰ অৱদান বিশেষকৈ মধ্যযুগৰ পৰাই বেছিকৈ পৰিলক্ষিত হৈছে। মধ্যযুগৰ ( ভাষা সাহিত্যত) আমি দেখিছো শঙ্কৰদেৱৰ উদ্ভাসিত আৰু প্ৰচাৰিত ভাগৱত ধৰ্ম্ম আৰু সাহিত্যৰ মৃদু নিয়ন্ত্ৰনত জনজাতিসকল অসমৰ বুকুত অসমীয়াৰ লগত চিৰকাললৈ বিলীন হৈ পৰিছিল। শঙ্কৰদেৱৰ এই প্ৰচেষ্টা অতি উদাৰপূৰ্ণ, শিক্ষাপ্ৰদ আৰু উদ্‌গনিমূলক। মধ্যযুগত এওঁৰ এই জনশিক্ষাই অসমৰ বুকুত ঐক্য আৰু সাম্যৰ সোঁত বোৱাইছিল। তাৰেই ফলত অসমবাসীয়ে সুৰুচিসম্পন্ন আৰু পৰিমাৰ্জিত জীৱন নিৰ্ব্বাহ কৰিবলৈ শিকিছিল। পৰ্ব্বত- ভৈয়ামবাসীৰ মাজত এটা বুজা পৰাৰ ভাৱ সুমুৱাবৰ বাবে তেওঁৰ যি সাধ্যাতিত চেষ্টা—সেই চেষ্টাক আমি চিৰদিনেই ওলগ জনাও। তেওঁৰ প্ৰিয় শিষ্যসকলৰ ভিতৰত বহুতো জনজাতিয় শিষ্যও আছিল। নগাৰ-“নৰোত্তম”, গাৰোৰ “গোবিন্দ” আৰু মুছলমানৰ ‘চাঁদখা’ক শঙ্কৰে উদাৰচিত্তেৰে বুকুত সাৱটি লৈছিল। এওঁ অসমৰ বিভিন্ন ঠাইত সত্ৰ আদি পাতি ভাওনা-সবাহ আদিৰ যোগেদি সকলোৰে অন্তৰৰ পৰা ভেদাভেদৰ ভাৱ জাতিভেদৰ ভাৱ, বৰ্ণভেদ, ধনী-দুখীয়াৰ প্ৰভেদ আদিক নিৰ্মূল কৰিবৰ চেষ্টা কৰিছিল। শঙ্কৰদেৱৰ এই প্ৰচেষ্টাত কোচ ৰজা মহাৰাজ নৰনাৰয়ণৰ নাম উল্লেখ নকৰিলে ভুল হব। এইজনা মহাৰাজে শঙ্কৰদেৱক সকলোপিনৰ পৰাই সহায়-সহানুভুতি, উৎসাহ- উদ্দিপনাৰে দুগুণ সাহস দিছিল বাবেইহে শঙ্কৰদেৱে তেওঁৰ আদৰ্শত আগবাঢ়ি যাব পাৰিছিল।

 মধ্যযুগৰ অৱসান ঘটিল। অসমৰ বা-বতাহ বহুত সলনি হ'ল। লগে লগে অসমৰ পৰা স্বাধীনতাও আতঁৰি পলাল। অসমৰ ভাগ্যলক্ষ্মীৰ বিননিয়ে নিষ্ঠুৰ বিদেশীৰ অন্তৰ কোমলাব নোৱাৰিলে। স্বাধীনতা যুগৰ অৱসানৰ লগে লগেই অসমীয়াৰ “ভাষাৰ’’ ওপৰতো মাধ-মাৰ পৰিল। শঙ্কৰদেৱৰ প্ৰতিভা লোপ পাই আহিল। লগে লগে দেশত নানান বেমেজালি আৰু অশান্তিয়ে আৱৰি ধৰিলে। ইংৰাজ আমোলৰ ক্ৰমবিকাশে অসমীয়া ভাষা আৰু সাহিত্যৰ ওপৰত বাগিকুঠাৰ মাৰিবলৈ ধৰিলে। ইংৰাজে দেশ ললে—বঙালীয়ে ভাষা লৱৰ চেষ্টা কৰিছিল। বিদেশীয়ে অসমৰ বুকুত বিষবিজ বোপন ৰোপন কৰিলে। মোগলৰ আক্ৰমণ, মানৰ আক্ৰমণ অসমীয়া খিলঞ্জীয়া ভাষা আৰু অসমীয়া পৰ্ব্বত-ভৈয়ামবাসীৰ সম্প্ৰীতিক নিঃশেষ কৰিব পৰা নাছিল। কিন্তু সুসভ্য ইংৰাজ আমোলাত অসমীয়া ভাষাৰ অধঃপতন হবলৈ যো-জা চলাইছিল--অসমৰ সম্প্ৰীতিক আঁতৰাই