পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২২
জগন্নাথ বৰুৱা কলেজ আলোচনী

 পানীৰ বুকুৰ পৰা ভাহি অহা এটি মধুৰ গীতৰ ঝঙ্কাৰে তেওঁক নিমিষতে আনমনা কৰি তুলি- ছিল। ইমান সুৱদি সুৰৰ তান তেওঁ কাহানিও শুনা নাছিল। তেওঁ তন্ময় হৈ গীতটো ভাঁহি অহাৰ ফালে চাই আছিল। দৃষ্টিৰ সিপাৰে, পানীৰ সাজত ক্ষুদ্ৰতম বিন্দু এটাৰ আকৃতিত উদ্ভৱ হৈ লাহে লাহে এখন পালতৰা নাওঁ তেওঁৰ ফালে আহি আছিল। নাওঁ কাষ পোৱাৰ লগে লগে অফুট গীতটোও স্পষ্ট হৈ পৰিছিল। নাও নিচেই ওচৰ চপাত ডেকা পথিক জনে দেখিলে-নাৱৰ গুৰিত এগৰাকী অৰ্দ্ধাবৃতা নীলবসনা গাভৰু; চকুত মদিৰ কটাক্ষ, হাব-ভাব আৰু আঁচলৰ আগত ইন্দ্ৰমালতীৰ সুবাস সনা বলিয়া বা ছাটিৰ কেঁচা আবেশ।

 নাও পাৰত লগাই টিঙৰ পৰাই গাভৰুৰে সুধিলে : “কেনি যাবা?”

 “সিপাৰলৈ’’।

 “উঠা’’৷

 পথিক আগ্ৰহেৰে নাৱত উঠিল। তেওঁৰ মুখত স্বস্তিৰ ৰেঙনি। চেলেঙী নাওখনে টুলুংভুতুং কৰা দেখি তেওঁ ভয়ে ভয়ে নাৱৰ তলিত লেপেটা পাৰি বহি হাতেৰে দুইবাৰ খামুচি ধৰিলে। তেওঁ সন্দিগ্ধ দৃষ্টিৰে পাৰলৈ চালে—পাৰ কৰবাত থাকি আহিল। সেই পিনে তেওঁ পানী আৰু আকাশৰ গোপন প্ৰাণ বিনিময় দেখিলে।

 ফেনিল সাগৰত উটি ফুৰা আতঙ্কিত আমাৰ চাৱনিৰে ডেকাই গাভৰুলৈ চাইছিল। পীৰিতি পাগলীৰ মুখত আবেগ-উৎকণ্ঠাৰ ভাব নাছিল। শেহ জোনাকৰ স্নিগ্ধতা আৰু হিম বিন্দুৰ লাবনিয়ে পৰশা, আকণ্ঠ প্ৰেম-পুলক-মগ্না , ৰতি-ৰস-ভাগৰুৱা অভিসাৰিকাৰ তন্দ্ৰাচ্ছন্ন আবেশৰ চাৱনিৰে তেওঁ দৃকপাত কৰিছিল। তেওঁৰ গীতৰ কৰুণ সুৰ আৰু লয়ৰ থমকে পানীগছা বোৰক অচঞ্চল কৰি তুলিছিল। তেওঁৰ ওঁঠৰ ৰাং আৰু মিচিকনিত ৰঙাৰাঙলৰ পাহি সৰিছিল। সুৰৰ বিৰতিয়ে ছন্দ ঢৌৱাই, চকুৰ ‘ৰেতিনাত’ নীলা অপৰাজিতাৰ ৰেণুসৰাই পানীবোৰ নীলাকৰি তুলিছিল। তেওঁৰ লয়লাস ভঙ্গীৰ ব’ঠাৰ লাচত গোন্ধ আৰু বৰণ হীন জুলীয়াই এঁকা-বেঁকা পথ লৈছিল। ব’ঠাৰ চাবত বগা বাহু দুটা, তৰঙ্গৰ হিল্লোলত নিতম্বযুগল থাকি থাকি ল'ৰিছিল। অসংযত চুলিটাৰে ‘ইথাৰ’ত নিজৰ ক’লা খিনি বিলাই শুকুলা সপোন দেখিছিল। শুধ শুকুলা মিনাক্ষীৰ সোঁগালৰ কোমল ভাগত ক'লা তিল এটাৰ হেপাহৰ কামোৰ।

 ডেকা যাত্ৰীয়ে ভাবিছিল। কিবাকিবি।

 তেতিয়া তেওঁ সাপোন আৰু দিঠক, এন্ধাৰ আৰু পোহৰৰ সীমান্তত।.....

 তেওঁ তললৈ চাই আচৰিত হৈ পৰিছিল। পানী এৰি নাওখন ৰামধেনুৰ ৰঙেভৰা ঘনতনু ডাৱৰৰ মাজেদি কঁপি কঁপি চলি গৈছিল। তেওঁ ইচ্ছা কৰা হলে ডাৱৰ বোৰ মোহাৰি সিহঁতৰ শোভা- সৌন্দৰ্য্যৰ বেহা খন চুৰমাৰ কৰিব পাৰিলেহেতেন। তেওঁ দ্বিধা-সঙ্কোচ মিহলি দৃষ্টিৰে সুধিলে; “তুমি কেনি আনিলা, আমি দেখোন মেঘৰ দেশ পালোহি।"

 “এৰা, তুমি ঠিকেই ধৰিছা; আমি এতিয়া মেঘৰ দেশত।” ৰূপহীয়ে স্মিত হাঁহিৰে কৈছিল। +