তাইৰ হাঁহিত—চেৰা বিহুৰ দিনা পথাৰৰ মাজ আঁহতৰ তলত ধোদোঙা ডেকাৰ সতে বিহুমাৰি ভাগৰি পৰা লাহৰী বগী বাইটি জনীৰ ওঁঠৰ ভাগৰুৱা হাঁহিটিৰ ৰেশ। ডেকাই কিন্তু হঁহা নাছিল। কিবা এটা দোষোৰ-মোৰ, পাহৰা নাপাহৰা, নিশ্চিত অনিশ্চিতৰ দোমোজাত তেওঁ স্তব্ধ হৈ আছিল।
“আমি এনেকৈ কিমান দূৰ যাব লাগিব; কিমান সময় বা!” কিছু পৰ নিতাল মাৰি তেওঁ আকৌ ক'লে, “তুমি ক'লৈ আনিলা ধৰিব পৰা নাই। ঘাট কেনিবা থাকিল যেন লাগিছে।”
“ওহো মই ভুল কৰা নাই। এই একেটা শেজাদিয়ে ইপাৰ আৰু সিপাৰ। ডাৱৰ ভাঙ্গি যোৱা বিসৰ্পিত পথেই অহা যোৱাৰ। সৌৱা, জিৰণি ঘাট পালোহিয়েই। সৌ চকা মকাকৈ ওলোৱা শিখাৰ কিৰণ হয়তো দেখিছাই”।
“অ দেখিছো”।
“তাতে জিৰাম হক। ভোক লগা নাই জানো?”
“লাগিছে। নাৱত উঠি আমনিও লাগিছে; ইমান দূৰ বুলি ভবা নাছিলো দেও।”
“অ—তুমি হবল সিমানতে পথৰ শেষ বুলি ভাবিছা?”
“এৰাতো!’’
“ই—আৰু এনে বহুত দূৰ যাব লাগিব”, গাভৰুৱে দূৰত্ব বুজাবলৈ বহুত শব্দটো লেনিয়াই কৈছিল।
নিজৰ অজ্ঞতাৰ বাবে যাত্ৰীজনে লাজ পাইছিল। তেওঁৰ আজীৱন সাধনাৰ শৈল সেতুখন নিচেই ক্ষুদ্ৰতম এটি জিজ্ঞাসাৰ ভৰতে নিৰ্ম্মুল হৈ গৈছিল। তেওঁৰ নিজৰ ওপৰতে বিশ্বাস নোহোৱা হৈছিল।
কিছুপৰৰ পাচত নাও গৈ পঁজাটোৰ কাষত লাগিল, সৰু বালিচৰটোৰ ওপৰত সেইটো এটা চৰাই ঘৰ। নাৱৰ পৰা নামি দুয়ো ভিতৰ সোমাইছিল।
অকনি পঁজাটো। এচুকত এখন বিছনা পতা। এটা চুকত একুৰা জুহাল। জুইকুৰা উমি উমি জ্বলি আছিল। হয়তো অলপ আগতে কোনোৱা যাত্ৰীয়ে তাত জিৰণি লৈছিল।
“আমি খাই লওঁ আহা।” ডেকা যাত্ৰীয়ে বিছনাত বহি লগত নিয়া খোৱা বস্তু উলিয়াই গাভৰুক মাতিছিল।
দুয়ো খাইছিল।
“এতিয়া শোৱা হয় ক’ত?" জোলোঙা সামৰি ডেকাই সুধিছিল।
“কেলেই, বিছনাত!"
“বিছনাতো এখনহে—ঠিক,...আমিও দুজন....৷’’
“বাৰু মোৰ কথা ভাবিব নালাগে। তুমি বিছনতো শোৱা।”
“তুমি?’’
“মই নাৱত শুম।”