পৃষ্ঠা:জীবস্তূতি.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১৩)

যমৰ আগত ভেন্টাৱন্ত নিয়া
 বেঙ্কামুয়া যমদুতে।
আগে পাছে তাৰ  দুই ভিতি ৰোল
 দেখন্তে আতি অদ্ভুত॥
বিপৰীত দুখে শৰীৰ কাম্পয়
 আগত পৰিয়া আছে।
চিত্ৰ গুপুতক সম্বোধন কৰি
 যমৰাজা মাতে পাছে॥
হেৰাঁ চিত্ৰগুপ্ত বিচাৰিও আৰ
  কত আছে পাপ পুণ্য।
শুনিয়া তেখনে বিচাৰি কহয়
 যতেক কৰ্ম্ম গণন॥
কৰ্ম্ম মত দণ্ড, কৰিবাক প্ৰতি,
 দূতগণে আদেশয়৷
সকলে। শৰীৰে খেৰক মেঢ়াই
 লগাৱয় পাছে জুই॥
কুকুৰে শগুণে  জীৱন্ত দেহৰ
 নাড়ি টানি টানি খায়।
সৰ্প ব্যাঘ্ৰ আনে।  বজ্ৰ ঠোণ্টে তাক
  পক্ষী মাৰে খুণ্টিয়াই॥