পৃষ্ঠা:জন্মাষ্টমী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
১৫

যেনেকৈ মহৎ আদৰ্শৰ্ষৰূপ অৱতীৰ্ণ হৈছে তেনেকৈ তেওঁৰ কাৰ্য্য-কলাপ, লীলা খেলা সকলো মহৎ। এই মহৎ লীলাৰ কাৰণেই আজি শ্ৰীকৃষ্ণ মানৱৰ চিৰস্মৰণীয় অনু- কৰণীয় আৰু অনুসৰণীয় হৈছে। গীতাৰ এঠাইত কৈছেঃ—

“তস্মাদসক্তঃ সততং কাৰ্য্যং কৰ্ম্ম সমাচৰ।
অসক্তে৷ হ্যাচৰণ্ কৰ্ম্ম পৰমাপ্নোতি পুৰুষঃ॥
কৰ্ম্মণৈৰ হি সংসিদ্ধিমাস্থিতা জনকাদয়ঃ।
লোকসংগ্ৰহমেবাপি সংপশ্যন্ কৰ্ত্ত মহসি॥
যদ্যূদাচৰতি শ্ৰেষ্ঠস্তত্তদেবেতৰে৷ জনঃ।
সযৎ প্ৰমাণং কুৰুতে লোকস্তদমুবৰ্ত্ততে॥

অৰ্থাৎ ফলৰ আকাঙ্ক্ষা নাৰাখি অনাসক্ত ভাবে কৰ্ম্ম কৰিলে মোক্ষ পদ লাভ হয়। নিস্কামী হৈ অনাসক্ত ভাবে কৰ্ম্ম সাধন কৰাৰ ফলত জনকে ৰজা হৈয়ে৷ ৰাজৰ্ষি হব পাৰিছিল। শ্ৰেষ্ঠ অগ্ৰগণ্য লোকসকলে যি