পৃষ্ঠা:জন্মাষ্টমী.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জন্মাষ্টমী
১৬

কৰ্ম্ম কৰে সাধাৰণ লোকে তাকে অনুকৰণ আৰু অনুসৰণ কৰে। গতিকে শ্ৰেষ্ঠ পুৰুষ- সকল সদায় আৰ্হিৰ স্বৰূপ উৎকষ্ট প্ৰণালীৰে কৰ্ম্মত নিয়োগ থকা প্ৰয়োজন৷ সৰ্ব্বসাধাৰণক কৰ্ম্মত আদৰ্শ নিদৰ্শন কৰোৱাটোৱেই আদৰ্শ পুৰুষসকলৰ মুখ্য উদ্দেশ্য।

 ১০। কৰ্ম্মৰ আদৰ্শ নিদৰ্শনত শ্ৰীকৃষ্ণৰ ছুটি ৰূপ ওলায়। এটি হৈছে অধ্যাত্ম ৰূপ আৰু আনটি হৈছে সাকাৰ ৰূপ। অধ্যাত্মৰূপী কৃষ্ণ সকলোতে বিৰাজ কৰি আনন্দময় হৈ ৰৈছে। এই অধ্যাত্ম ৰূপৰ আকাৰ, গুণ, স্বভাব একো নাই, মাত্ৰ, আনন্দময়, সুধাময়, অমৃতময়। সাকাৰৰূপী কৃষ্ণই মনুষ্য দেহৰ স্বভাৱ গ্ৰহণ কৰি জগতত লীলা-খেলা কৰিব লাগিছে। এই দেহৰূপটি এজোপা বৃক্ষৰ নিচিনা। ইয়াৰ একমাত্ৰ আশ্ৰয় হৈছে প্ৰকৃতি। সুখ আৰু দুখ এই দুটি হৈছে তাৰ ফল।