ওপৰত সােৱনশিৰী নৈৰ দাতিত অছিল। মিৰি অৰু আবৰ সকলৰ দৰে চুতীয়া সকলেও বৰ ওখ ওৰ পাহাৰৰ ওপৰত ডাঙ্গৰ গাওঁ পাতি বাস কৰিছিল। কোনো গাও বা কোনাে খনেই মেলৰ বশ্যতা স্বীকাৰ নকৰিছিল। তেওলােকৰ প্ৰথমতে ৰজ। ও নাছিল। প্ৰত্যেক মানুহেই স্বাধীন আছিল। | স্বৰ্ণ গিৰি নামেৰ এখন গাৱ'ৰ বিবৰ নামেৰ এজ। চুতীয়া মানুহে ৰাতি সমাজিকত দেখিলে কুবেৰে হেনো তেওক কৈছিল, "ঘৈণীয়েৰে সৈতে মিলহ”। এই দৰে হ ই কাজিয়া কৰি নাথাকিবি কাৰন তেৰ ঔ ৰষে ইৰ গৰ্ভত এটা সন্তান হব আৰু এই সন্তানটোৱে তহতৰ জাতি টোকে উজ্জল কৰিব। সেই জেপি। গছৰ তলত খনিলে তই বহুধন পাবি। নেই ধন তই সাৱধানে ৰাশি খৰচ কৰিবি। বিবৰে লৰি পাই সমাজিক দেখা মতে কাম কৰিলে ঘৈণিয়েকে সৈতে মিল হ’ল। গছৰ তলখান খানি এখন তৰােয়াল, এপাত জাঠি আৰু জাঠিপাতৰ তলত এটা সােনৰ বিড়ালি পালে এইবিলাক ঘৰলৈ নিলে আৰু নৈমিত্তিক ৰূপে পুজা কৰিবলৈ ধৰিলে। তাৰ ফলত বিবৰ নিজ জাত কুলৰ ভিতৰ দিনক দিনে ক্ষমতা শালী হৈ উঠিল। যথা সময়ত বিবৰ পত্নী ৰূপৱতী দেবীয়ে এটা সুন্দৰ পুত্ৰ প্ৰসব কৰিলে। সেই
পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/১৩
অৱয়ব