পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत्

 পূৰ্বপ্ৰতিশ্ৰুতি মতে ৰজা কংসৰ ওচৰত সন্তানৰ সৈতে বসুদেৱৰ উপস্থিতি। আগৰ প্ৰতিশ্ৰুতি মতে বসুদেৱে প্ৰথম সন্তানটো ওপজা মাত্ৰকে কোলাতলৈ কংসৰ ওচৰলৈ আহে। কংস ৰাজ-সিংহাসনত বহি আছে;. এজন সেৱকে পিছ ফালৰপৰা তেওঁৰ ওপৰত বিচিত্ৰ ৰত্নমণ্ডিত বগা ছত্ৰ ধৰিছে, সমুখৰ ফালে আন এজন সেৱকে চন্দনাদি গন্ধ দ্ৰব্যৰ পাত্ৰ বাওঁহাতত লৈ আগহাত ওপৰলৈ তুলি ৰজাৰ স্তৱ কৰিছে। এনে সময়ত কংসই বসুদেৱক সদ্যজাত সন্তানটো লৈ অহা দেখি বসুদেৱক সত্যবাদী বুলি জানি সন্তানটো উলটাই নিবলৈ আদেশ কৰে।

 पूर्व प्रतिश्रुतिके अनुसार राजा कंसके पास सन्तानके साथ वसुदेवका आगमन। पूर्व प्रतिज्ञानुसार बसुदेव पहली सन्तानको जन्मतेही गोदीमें लेकर कंसके पास आया। कंस राजसिंहासनपर बैठा है; एक सेबक पोछेसे उसके ऊपर विचित्र रत्नोंसे सजा हुआ सफेद छत्र डुला रहा है, सम्मुखकी ओर एक टूसरा सेवक चंदनादि गंध द्रव्योंको बायें हाथमें लेकर दाहिने हाथसे राजा का स्तवन कर रहा है। ऐसे समयमें कंसने वसुदेवको सद्मजात शिशुकों लेकर आते देख वसुदेवको सत्यवादी जान सन्तान को लौटा ले जानेका आदेश दिया।