পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৩ )

দৈৱকী-বসুদেৱৰ বিবাহ আৰু আকাশীবাণী শ্ৰৱণ। ভগবানৰ আদেশ অনুসাৰে দেৱ-দেৱীসকল পৃথিবীত যদুবংশত জন্মে। দেৱমাতা অদিতি যদুবংশৰ দেৱক ৰজাৰ ঘৰত দৈৱকী নামে জন্মলাভ কৰে। দৈৱকীক বসুদেৱৰ লগত দাস-দাসীৰ সৈতে বিয়া দি কংসই[১] ভণীয়েকৰ স্নেহত নিজ ৰথ চলাই নানা বাদ্য ভণ্ডেৰে বসুদেৱৰ ঘৰলৈ যাত্ৰা কৰিছে। এনেতে মাজ বাটত আকাশবাণী শুনিলে—“যাক ৰথত লৈ আনন্দমনে শহুবেকৰ ঘবত থবলৈ ওলাইছ, সেই দৈৱকীৰ অষ্টম গৰ্ভৰপৰা তোৰ বিনাশ হব।” এই বাণী শুনিয়েই কংসই দৈৱকীৰ চুলিত ধৰি তৰোৱাল দাঙি কাটিবলৈ উদ্যত হৈছে। বসুদেৱে হাত দাঙি নানা প্ৰবোধ বাক্যেৰে বাধা দিছে। দৈৱকীয়েও “দাদা মোক নাকাটিবা, তোমাব তোমাৰ চৰণত পৰিছোঁ” বুলি আঠু কাঢ়ি আগভৰিখনত আগ হাতখনেৰে সাৱোট মাৰি ধৰি জীৱন ভিক্ষা কৰিছে। বসুদেৱে নানা বুজনি দি কংসক নিবৃত্ত কৰিব নোৱাৰি শেষত কলে—

“তাহান পুত্ৰত যেবে ভৈল মৃত্যুভয়।
সম্পিবো তোমাতে উপজিলে পুত্ৰচয়॥” ১০৪৬৩॥


 बसुदेव-देवकीका व्याह व आकाशबाणीका श्रवण। भगवानके आदेशानुसार देव-देवियोंने पृथ्वी पर यदुवंशमें जन्म लिया। देवमाता अदितिने यदुवंशके देवक राजाके घरमें देवकी नामसे जन्म लाभ किया। देवकीका विवाह वसुदेवके साथ कर दास-दासियोंको साथ देकर कंसने[২] बहनके स्नेहसे खुद रथ चलाकर अनेक बाद्योंके साथ वसुदेवके घरकी ओर यात्रा की। इतनेमें बोच राहमें आकाश बाणी सुनी—जिसको रथपर लेकर आनन्दमनसे ससुरके घर पहुँचाने चला उसी देवकीके आठवें गर्भसे तेरा विनाश होगा। इस बाणीको सुनकरही कंसने देवकीके बाल पकड़कर तलवार उठाकर काटनेका उद्योग किया। वसुदेव हाथ उठाकर नम्र वाणीसे मना कर रहे हैं। देवकी भी “भैया! मुझे मत मारो तुम्हारे चरणों में पड़ी हु” कहकर घुटने टेककर दाहिने पाँवको दाहिने हाथसे पकड़कर प्राण भिक्षा मांग रही है। वसुदेवके समझाने पर भी कंसके न मानने पर वसुदेव ने कहा “यदि देवकीके पुत्र ही तेरी मृत्युका कारण हैं तो मै जनमतेही पुत्रोंको तुझे सोंप दूँगा”।


  1. দেৱকৰ ভায়েক উগ্ৰসেনৰ পুতেক।
  2. देवक के भाई उग्रसेन का पुत्र।