পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাত দাঙি ঘোষণা কৰিলে,—
(পৰম-তত্ত্ব)—“সমস্ত ভূতৰে হৃদয়ত আছোঁ আমি৷
 পৰম সুহৃদ মহেশ্বৰ অন্তৰ্য্যামী"॥
 হেন বুদ্ধি কৰি সৰ্ব্বদায় জানা-মোক।
 এতেকে তৰিবা সংসাৰৰ দুখ শোক॥"
 —ভক্তি প্ৰদীপ
 শ্ৰীশঙ্কৰৰ প্ৰচাৰিত ধৰ্ম্ম দাস্যভাৱ প্ৰধান; তেওঁৰ মতে শ্ৰীকৃষ্ণই পৰম ব্ৰহ্ম, তেৱেঁই সনাতন, তেৱেঁই জ্ঞানময়, তেওঁ পুৰুষ প্ৰকৃতিৰ পব। তেওঁ নিজক কৃষ্ণ-কিঙ্কৰ বুলি য’তে ত’তে চিনাকি দি গৈছে। দাস ভাৱে কৃষ্ণৰ নামগুণ শ্ৰৱণ কীৰ্ত্তন কৰাকেই তেওঁ ভক্তিৰ প্ৰধান উপায় বুলি ঘোষণা কৰি গৈছে। তেওঁৰ মতে অন্য় দেৱ-দেৱী মিছা, কেৱল এক কৃষ্ণতেই জীৱে শৰণ লৈ তেওঁৰ নাম-গুণ শ্ৰৱণ-কীৰ্ত্তন কৰিলে সকলো সিদ্ধি হয়। এই কাৰণে শ্ৰীশঙ্কৰৰ প্ৰচাৰিত মতক এক শৰণ ধৰ্ম্ম বোলে।
 শ্ৰীশঙ্কৰে আলিপুখুৰী অসুচল বোধকৰি জ্ঞাতিসকলৰ সৈতে পূৰ্বপুৰুষৰ ভেটি-বটদ্ৰৱালৈ উঠি যায় আৰু তাত হাটি বাটি পাতি আৰু কীৰ্ত্তন ঘৰ আদি সজাই বাস কৰে। অলপ দিন পাছতেই ইয়াত হৰি-কীৰ্ত্তনৰ ৰোল বৰ বেছি হৈ উঠিল আৰু বহুতে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিলে। ইয়াৰ কেইবছৰমান পাছত শ্ৰীশঙ্কৰৰ পত্নী বিয়োগ হয়। তাৰ পাছতেই তেওঁ বাৰজন ভক্ত লগত লৈ বাৰ বছৰ কাল গোটেই ভাৰতৰ তীৰ্থবোৰ দৰ্শন কৰি ফুৰে। তীৰ্থৰ পৰা ঘূৰি আহি বটদ্ৰৱাত কিছুদিন থকাৰ পাছত কছাৰি বিদ্ৰোহ হয়; তেতিয়া শ্ৰীশঙ্কৰে জ্ঞাতিসকলৰ সৈতে উজনীলৈ যায়। উজনীৰ

(परम तत्त्ब) “समस्त भूतरे हृदयत आछो आमि।
 परम सुहृद सहेश्वर अन्तर्यामी॥
 हेन बुद्धि करि सर्वदाय ज़ाना मोक।
 एतेके तरिबा संसारर दुख शोक॥”
 —(भक्तिप्रदोप)
 श्रीशंकरके प्रचारित धर्म दास्यभाव प्रधान है। उनको अनुसार श्रीकृष्ण ही परम ब्रह्म है। वे ही सनातन, तथा ज्ञानमय हैं। वे पुरुष प्रकृतिसे परे हैं। वे अपने को कृष्ण-किंकर कह कर प्रचार किया है। दास भावसे नामगुण श्रवण कीर्त्तन करनाही भक्तिका प्रधान मार्ग बतलाया है। उनके मतानुसार केवल एक कृष्णकी ही शरण लेकर उसीका नाम गुण तथा श्रवण कीर्त्तन करनेसे सर्व सिद्धि प्राप्त होगी। इस लिये श्रीशंकरके प्रचारित मतको “एक शरण धरम” कहते हैं।

 श्रीशंकर 'आलिपुखुरी' को अनुपयुक्त स्थान समझते हुये अपने संबधियों साथ बटद्रवाको चले गये और इसमें हाट, बाट बनाकर और कीत्तन-घर आदि बनवाकर बास करने लगे। थोड़े दिनोंके बाद प्रचारके बाहुल्यके कारण ज्यादा लोगोंने शिष्यत्व ग्रहण किया। कुछ साल बाद उनकी पत्नी चल बसी। बादमें वे अपने १२ भक्तों साथ १२ बरसों तक सारे भारतवर्षमें तीर्थ भ्रमण करते रहे। भ्रमणके बाद बटद्रवा लौट आये और वहाँ रहे। कुछ दिन रहनेके बाद कछारी जातिमें गदर हुवा; तब श्रीशंकरदेव संबंधियों साथ “उजनी”को चलेगये। उजनीमें कई जगहोंमें रहकर आखीरकार धुआँहाटमें रहने लगे।