পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৸৹

প্ৰৱল হৈ উঠে, আন কি বেছিভাগ নিশা তেওঁৰ আত্ম-চিন্তাতে যাবলৈ ধৰে।
 সেই সময়ত আমাৰ দেশত শাক্তধৰ্ম্ম প্ৰৱল আছিল, আৰু কিছুমানে ধৰ্ম্মৰ নামত তন্ত্ৰৰ বিকৃত মতে চলি নানা অনাচাৰ আৰু ব্যভিচাৰ কৰিছিল। শ্ৰীমন্ত শঙ্কৰে তাত বাধা দি দেশত এক ঈশ্বৰ উপাসনা প্ৰচাৰ কবিবলৈ আৰম্ভ কৰে। তেওঁ গোলোকধামৰ পট আঁকি চিহ্নযাত্ৰা ভাওনা কৰি সকলোৰে মন ভগৰৱন্মুখী কৰিলে আৰু ব্ৰাহ্মণৰপৰা কৈৱৰ্ত্তলৈকে সকলো শ্ৰেণীৰ মানুহৰ মাজত “কলিৰ পৰম ধৰ্ম্ম জানা হৰি নাম” বুলি ঘোষণা কৰিলে। পাছলৈ শ্ৰীশঙ্কৰৰ এই ধৰ্ম্ম পৰ্ব্বতীয়া আৰু মুছুলমান ভাইসকলেও গ্ৰহণ কৰি আনন্দ লাভ কৰিবলৈ ধৰে। এইসকলৰ ভিতৰৰপৰা আকৌ কেইজনমানে বিশিষ্ট ভক্ত হৈ উঠি প্ৰচাৰক ৰা ধৰ্ম্মাচাৰ্য্য পদো লাভ কৰে। অস্পৃশ্যতা আৰু মাদকতা বৰ্জ্জন, অহিংসা, ভূতদয়া আৰু ত্যাগ তেওঁৰ ধৰ্ম্মৰ মূলনীতি হল।
শ্ৰীশঙ্কৰে প্ৰচাৰ কৰিবলৈ ধৰিলে—
(একেশ্বৰবাদ)  “এক দেৱ এক সেৱ;
 এক বিনে নাই কেৱ।”
আকৌ কলে,—
(সাংখ্য বাদ)  “নাহি ভকতিত জাতি আচাৰ-বিচাৰ।
 কৃষ্ণ-ভকতিত সমস্তৰে অধিকাৰ॥” ( কীৰ্ত্তন )
আৰু কলে,—
(অহিংসা)  “ব্ৰাহ্মণ-চণ্ডাল-চোৰ-দাতা-ক্ৰূৰ-শান্ত।
 সবাতে আমাক তুমি দেখিবা নিতান্ত॥” –ভক্তিৰত্নাকৰ

भगवत्‌ चिंतन में ही लगाने लगे और अपने इन गुणों से वे सबको नजरमें श्रेष्ठ जँचने लगे।
 उस समय हसारे देशमें शाक्त-धर्मका प्रभाव था; और कुछ लोग तो धर्मके नामपर तन्त्रकों क्रान्तिकारी गतिमें चल कर अतिशय अनाचार करते थे। श्रीमंत शंकरने राम राम करके उसमें बाधा डाली। और उन्होंने एक ईश्वर का ध्यान करनेका सत प्रचार किया। वे गोलोकधामके पट अंकन कर चिह्नयात्रा तथा “भावना”से सबका मन भगवत्मुखी करने लगे और ब्राह्मणसे लेकर म्लेच्छ तक सभी श्रेणीके बीचमें “कलिका परम धर्म हरिनाम है” कह कर प्रचार करने लगे। पीछे तो इनका धर्म पहाड़ी भाई तथा मुसलमान भाईयोंने खुशीके साथ ग्रहण किया। इन लोगोंके बीचमेंसे चंद लोग तो, विलक्षण भक्त बन गये और धर्म प्रचार करके प्रचारक यानी धर्माचार्य कहलाते थे। अहिंसा, छूत, और मादक द्रव्य वर्जन, भूतदया, त्याग आदि उनके घर्मकी नीति हुई। श्रीशंकर प्रचार करने लगा—
(एकेश्बरबाद) “एक देव एक सेव।
 एक बिना नाहि कैव॥”
फिर कहा—
( सांख्यवाद ) “नाहि भकतिमें जाति आचार विचार।
 कृष्ण भकतिमें सबका अधिकार॥” (कीर्त्तन)
और कहा—
(अहिंसा) “ब्राह्मण चंडाल ओर दाता क्रूर शान्त।

 सबाते आमाक तुमि देखिवा नितांत॥” (भक्तिरत्नाकर)