পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীমন্ত শঙ্কৰদেৱ

 শ্ৰীমন্ত শঙ্কৰদেৱ ১৪৪৯ খৃষ্টাব্দত অসমৰ নগাওঁ জিলাৰ বটদ্ৰৱাৰ ওচৰৰ আলিপুখুৰী নামে ঠাইত জন্মে। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ শিৰোমণি ভূঞাঁ। শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মৰ অলপ দিন পাছতেই পিতৃ-মাতৃ স্বৰ্গী হয়; বুঢ়ীমাক খেৰসূতী আইৰ লালন-পালনত তেওঁ ডাঙৰ হয়।
 শ্ৰীমন্ত শঙ্কৰৰ ৰূপ-গুণৰ কথা তেওঁৰ চিৰসঙ্গী মহাপুৰুষ শ্ৰীমাধৱদেৱে এইদৰে বৰ্ণনা কৰিছে—শ্ৰীশঙ্কৰৰ বৰ্ণ গৌৰ, মূৰ ছত্ৰাকাৰ, নয়ন আয়ত, অধৰ ৰাতুলু, উৰু, জানু, জঙ্ঘা আদি সকলো অঙ্গ দেখিবলৈ সুশোভন, ডিঙিত ধৱল উত্তৰী, বক্ষস্থলত কণ্ঠমণি, হিয়াত সুৱৰ্ণৰ হাৰ, দুই হাতত তাৰ, হাতৰ আঙ্গুলিত আঙ্গঠি, নীলা পাৰিৰ হেঙুলীয়া ভুনি, মুখত মিচিকীয়া হাঁহি, বাণী মেঘৰ দৰে গম্ভীৰ, গজগতি গমন, ধীৰ মতি, দেৱতাৰ দৰে তেওঁৰ বিতোপন ৰূপ।
 শ্ৰীমন্ত শঙ্কৰদেৱে তেৰ বছৰ বয়সত মহেন্দ্ৰ কন্দলী নামে পণ্ডিতৰ পাঠশালাত বিদ্যা শিক্ষা আৰম্ভ কৰে। তেওঁ চাৰি বছৰতেই হিন্দুধৰ্ম্মৰ আৱশ্যকীয় সমস্ত শাস্ত্ৰ অধ্যয়ন কৰি শেষ কৰে। তাৰ পাছত ঘৰলৈ যায় আৰু যোগ অভ্যাস কৰিবলৈ ধৰে। ইয়াৰ পাছত ভাগৱত আলোচনাত মগ্ন হয়। তাকে দেখি খুৰাকসকলে তেওঁক বিয়া কৰাই দিয়ে আৰু পিতৃৰ শিৰোমণি বিষয় শোধাই দিয়ে। শ্ৰীশঙ্কৰে এৰাব নোৱাৰি দুয়োটা বিষয় পোনতে কিছুদিন চলাবলৈ ধৰিলে। কিন্তু পাছলৈ তেওঁৰ ধৰ্ম্মচিন্তা

श्रीमंत शंकरदेव

 श्रीमंत शंकरदेव सन १४४९ में आसामके नौंगाव जिलाके बटद्रवाके नजदीक आलिपुखुरी नामक स्थानमें जन्म ग्रहण किया था। उनके पिताका नाम था कुसुम्बर शिरोमणि भुञाँ। श्रीमंत शंकरदेवके जन्मके थोड़े दिन बाद माता पिता इस दुनियासे चल बसे। वे नानीकी परवरिशमें बड़े हुये।
 श्रीमंत शंकरदेवके रूप-गुणकी बात उनके चिरसंगी महापुरुष श्रीमाधवदेवने इस तरह बयान की है—श्रीशंकरदेव गौरवर्ण, छत्राकार मस्तक, आयत नयन, रक्ताभ अधर, उरु, जानु-जंघा आदि सब अंग देखनेमें सुशोभित; गलेमें धवल उत्तरीय, वक्ष:स्थलमें कंठमणि, हियमें सुवर्णहार, बाजुमें तार, अंगुलोम' अँगुठी, नीली पारिकी केशरिया धोती, मुखपर मंदह्ँसी, वाणी मेघकी तरह गंभीर, गज-गमन, धीर मति, देवताकी तरह उनका सुशोभित रूप।

 श्रीमंत शंकरदेव १३ बर्षकी अवस्थामें महेन्द्र कन्दली पंडित की पाठशालामें विद्याध्ययनके लिये प्रविष्ट हुये और चार वर्षोमें ही “हिन्दूधर्म” का अध्ययन समाप्त कर लिया। इसके पश्चात्‌ घर आकर योगाभ्यास करने लगे और भ्गवत्‌ चिंतनमें अपनेको लगा दिया। घरवालोंने यह देखकर इनका विवाह कर इनको सांसारिक गृहस्थ कर्म करनेको अनुप्रेरित किया। घरवालोंके अनुरोध को न रख सकनेके कारण वे दोनों कर्म करने रहे पर अपने मानसिक हंहको न रोक सकनेके कारण वे अपना ध्यान